খাৰুপেটিয়া, আবুল হাছেম, সংবাদ ৩৬৫, ২০ জুলাইঃ খাৰুপেটিয়াৰ বাহাবাৰিত অগ্নিকাণ্ড। দৰং জিলাৰ খাৰুপেটিয়া নগৰৰ পৰা প্ৰায় দুই কিলোমিটাৰ দূৰত্বত অৱস্থিত বাহাবাৰি গাওঁৰ আব্দুল মতিনৰ বাসগৃহত শুক্ৰবাৰে পুৱা প্রায় ৮.৩০ বজাত টকাৰ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ড আব্দুল মতিনৰ গৃহিনীয়ে গেছত ভাত ৰান্ধি থকাৰ সময়তে ঘৰৰ বেৰত জুই লাগি সংঘটিত হয়। স্থানীয় ৰাইজৰ তৎপৰতাত জুইৰ পৰা কথমপি ৰক্ষা পৰিল বাহাবাৰি গাও। কেইবাদিন ধৰি চলি থকা প্ৰখৰ ৰদত ঘৰখনৰ বেৰবোৰ শুকান হৈ থকাৰ বাবে বেৰত লগা জুইয়ে তৎক্ষণাত ঘৰৰ চাৰিওফালে চানি ধৰে । লগে লগে খাৰুপেটিয়াৰ অগ্নিনিৰ্বাপক বাহিনীক ৰাইজে খবৰ দিয়ে যদিও অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী পলমকৈ উপস্থিত হোৱাত গৃহ দুটা সম্পুৰ্নৰূপে জুইত ভস্মীভুত হৈ প্রায় দুই লক্ষাধিক টকাৰ সম্পত্তিৰ লগতে মাটিৰ কাগজ পত্ৰ, স্কুল কলেজৰ কাগজ আৰু এন আৰ চিৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ সমুহ ক্ষতি সাধন হোৱা বুলি স্থানীয় ৰাইজে জনাইছে।