অনলাইন ডেস্ক সংবাদ ৩৬৫,  ৫ মাৰ্চ: ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ডৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দুদিন পিছত আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই ত্ৰিপুৰা আৰু নাগালেণ্ডত বিজেপিয়ে লাভ কৰা সফলতা আৰু মেঘালয়ত মাত্ৰ দুখন আসন লাভ কৰিও চৰকাৰ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ ওপৰত মন্তব্য প্ৰকাশ কৰি জানিবলৈ দিয়ে যে বিধানসভা নিৰ্বাচনত এই তিনিওখন ৰাজ্যত টকাৰ খেল হৈছিল। আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ গৰাকীয়ে অভিযোগ উত্থাপন কৰিছে যে বিমুদ্রাকৰণৰ পদক্ষেপ গ্ৰহণ কৰি বিজেপিয়ে দেশৰ অন্যান্য ৰাজনৈতিক দল সমূহৰ ৰাজহাড় ভাঙি পেলাইছে। তিনিখন ৰাজ্যত হোৱা বিধানসভা নিৰ্বাচনক লৈ পৰেশ বৰুৱাই আৰু কয় যে বিজেপি আৰু ইয়াৰ সহযোগী দল সমূহে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে যদিও অন্যান্য দল সমূহে বিমুদ্রাকৰণৰ ফলত অৰ্থনৈতিক ভাৱে ভাঙি যোৱাৰ বাবেহে বিজেপিয়ে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। বিজেপি দলৰ টকা থকাৰ বাবে বিজেপি আৰু ইয়াৰ সহযোগী দল সমূহে ইয়াৰ ব্যৱহাৰ কৰি নিৰ্বাচনত জয় লাভ কৰিছে। বিমুদ্রাকৰণৰ সিদ্ধান্তই কংগ্ৰেছ আৰু চিপিএই(এম) দলক অধিক ক্ষতি কৰিছে বুলি পৰেশ বৰুৱাই মন্তব্য প্ৰকাশ কৰিছে। পৰেশ বৰুৱা আৰু কিয় যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পাল্লাব লোচন দাসে ত্ৰিপুৰা নিৰ্বাচনত টকা বিলাইছিল। তিনিখন ৰাজ্যত হোৱা বিধানসভা নিৰ্বাচনত বিজেপি আৰু ইয়াৰ সহযোগী দল সমূহে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হয় চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে।