অনলাইন ডেস্ক, সংবাদ ৩৬৫, ১৪ মাৰ্চ: পদাৰ্থবিজ্ঞানী ষ্টিফেন হকিং আৰু নাই। ৭৬ বছৰ বয়সত ষ্টিফেন হকিং পৃথিৱীৰ মায়া ত্যাগ কৰি গুচি যায়। হকিংৰ পৰিয়ালৰ লোকে বুধবাৰে ষ্টিফেন হকিংৰ মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিজা বাসভৱনত ষ্টিফেন হকিংয়ে অন্তিম নিশ্বাস ত্যাগ কৰে। ১৯৪২ চনৰ ৮ জানুৱাৰী তাৰিখে জন্মগ্ৰহণ কৰা বিজ্ঞানী ষ্টিফেন হকিং পদাৰ্থ বিজ্ঞানীৰূপে পৰিচিত আছিল যদিও তেওঁ মহাকাশ বিজ্ঞানী আৰু গণিতজ্ঞ হিচাপেও বিশ্ববিখ্যাত আছিল। ষ্টিফেন হকিং তেওঁৰ ‘এ ব্ৰিফ হিষ্টৰী অফ টাইম’ নামৰ গ্ৰন্থখনৰ বাবেও বিখ্যাত আছিল। ১৯৬৩ চনত ২১ বছৰ বয়সত এক জটিল ৰোগত আক্ৰান্ত হোৱাৰ পিছত তেওঁ আৰু বেছি দিন জীয়াই নাথাকে বুলি চিকিৎসকে ঘোষণা কৰিছিল যদিও তেওঁ সেই নিষ্ঠুৰ নিয়তিৰ পৰিহাসকো অতিক্ৰম কৰি হুইল চেয়াৰত বন্দী হৈ জীৱনৰ বাটত আগবাঢ়ি গৈছিল। এই ৰোগত আক্ৰান্ত হোৱাৰ পিছত তেওঁৰ সমগ্ৰ শৰীৰ অকামিলা হৈ পৰিছিল, মাত্ৰ এখন হাতৰ কেইটামান আঙুলিৰ ওপৰতে তেওঁৰ নিয়ন্ত্ৰণ আছিল।