কাটাৰ, সংবাদ ৩৬৫, ১১ এপ্ৰিলঃ বাপতিসাহোন বহাগ বিহুলৈ মাজত মাথো দুটা দিন বাকী কিন্তু বিহুক লৈ প্ৰাণাৱন্ত হৈ উঠিছে প্ৰতিজন অসমীয়া। ৰাজ্যৰ লগতে বিদেশতো ঢোল পেঁপাৰে বিহু আদৰিছে প্ৰৱাসী অসমীয়াই। সাত সাগৰ তেৰ নদী সিপাৰে মৰুৰ দেশ কাটাৰতো উদযাপন হ’ল অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু। ভাৰত চৰকাৰৰ সাংস্কৃতিক কেন্দ্ৰৰ মান্যতাপ্ৰাপ্ত সামাজিক অনুষ্ঠান ‘কাটাৰ অসম সমাজে’ প্ৰতিবছৰৰ দৰে এইবেলিও বিহু উদযাপনৰ পৰস্পৰা অক্ষুণ্ণ ৰাখি কাটাৰৰ ৰিঙালী বিহু উদযাপন কৰে।

উল্লেখ্য যে, কাটাৰত বসবাস কৰা প্ৰায় সহস্ৰাধিক প্ৰবাসী অসমীয়াই নিজৰ সংস্কৃতি বৰ্তাই ৰখাৰ বাবে পূৰ্বৰে পৰা সাধ্যনুসাৰে প্ৰয়াস কৰি  আহিছে। কাটাৰৰ অসম সমাজৰ উদ্যোগত ডোহাৰ পৰা ৮৫ কিলোমিটাৰ দূৰৈৰ তৈল নগৰী ডোহ্কানৰ কাটাৰ পেট্ৰলিয়ামৰ আটকধুনীয়া প্ৰেক্ষাগৃহত ৰিঙালী বিহু উদযাপন কৰে প্ৰৱাসী অসমীয়া সকলে। কাটাৰ অসম সমাজৰ সভাপতি কৌস্তভ শইকীয়াই অতিথিক আদৰণি জনোৱাৰ পিছত সমবেত সংগীত ‘অসম আমাৰ ৰূপহী গুণৰো নাই শেষ’ গীতেৰে কাটাৰ অসম সমাজে বিহু অনুষ্ঠানৰ শুভাৰম্ভ কৰে। অনুষ্ঠান শুভাৰম্ভ পিছত শিশু নৃত্য নাটিকা ‘অ’ ফুল,অ’ ফুল নুফুল কিয় কণ কণ শিশু সকলে ৰূপায়ন কৰে। তদুপৰি চেমনীয়া শিল্পী কৃষ্টি গগৈৰ বিহু নৃত্য, সত্ৰীয়া নৃত্যত পটু ডেইজি দ’লেৰ নৃত্য, শুভলক্ষ্মী নাথৰ বিহু, প্ৰিয়ংকা মহন্ত, দেৱানন্দ নৰহ, ৰাজু উপ্ৰেতি, নৱজ্যোতি ‘নিকু’, পল্লৱী ডেকাৰ আধুনিক গীত, শিশু শিল্পী আদৃতা আৰু টিয়াৰ গীতআবৃতি, মহিলাসকলৰ লোকনৃত্য, বিহু হুচৰি আৰু থলুৱা শিল্পীৰ দ্বাৰা অন্যান্য বাৰেৰহনীয়া অনুষ্ঠান পৰিবেশিত হয় ৷ ঢোল বাদন, তাল বাদন,বাঁহী বাদন আৰু মহৰ শিঙৰ পেঁপাৰে সামগ্ৰিক পৰিবেশ বিহুতলী সদৃশ্য কৰি তোলে কৃষ্ণ গগৈ, প্ৰাঞ্জল দেউৰী, নৱজ্যোতি দাস৷ গিটাৰ বাদনেৰে সংগীতানুষ্ঠানত সংগত কৰে চৌকত হুছেইন আৰু দেৱানন্দ নৰহে৷

দুঘন্টাৰো অধিক সময় অতিথি শিল্পী অভিশ্ৰুতি বেজবৰুৱাই বিহুসুৰীয়া গীত, ভক্তি গীত, লোক গীত, আধুনিক গীতৰে দৰ্শকক আপ্লুত আৰু মোহাচ্ছন্ন কৰি তোলে। উক্ত অনুষ্ঠানতেই অভিশ্ৰুতি বেজবৰুৱাই ‘কৰ্দৈ চকলা’ নামৰ নিজৰ শেহতীয়া ভিডিঅ’ এলবাম মুকলি কৰে ৷ শিল্পী অভিশ্ৰুতি বেজবৰুৱাক কাটাৰ অসম সমাজৰ তৰফৰ পৰা স্মাৰক, দুখনি স্মৰণিকা, ‘কাটাৰৰ ডায়েৰী’ কিতাপ আৰু ফুলাম গামোছাৰে সম্বৰ্ধনা জনাই কাটাৰ অসম সমাজৰ প্ৰতিষ্ঠাপক সভাপতি ডা০ ভূপেন শইকীয়াই৷ উক্ত অনুষ্ঠানতে নেদেখা সোণালী সূতাৰে বন্ধা’ নামক দ্বিভাষিক ৰঙীন স্মৰণিকা প্ৰকাশ কৰে কাটাৰ অসম সমাজে। অনুষ্ঠানৰ আৰম্ভণিতে কাটাৰ অসম সমাজৰ মহিলা সদস্য সকলে নিজ হাতেৰে বিহু উপলক্ষে ঘৰত বনাই অনা পিঠাপনা, লাড়ু  আৰু সুস্বাদু জলপান সকলো অতিথিৰ আগত পৰিবেশন কৰে৷ বিহু উপলক্ষে পৰস্পৰা অনুসৰি সকলো প্ৰবাসী অসমীয়াই অসমীয়া সাজ পোছাক, গামোছা পৰিধান কৰে। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় অসম সমাজৰ জেষ্ঠ সদস্য ৰজত গগৈয়ে৷