তিতাবৰ, ২০ এপ্ৰিলঃ তিতাবৰত বিদ্যুৎ পিষ্ট হৈ আজি এজন ব্যক্তিয়ে কৰুণ মৃত্যুক সাবতি লয়৷  মৃত্যু হোৱা ব্যক্তিজন মৰিগাঁৱৰ মফিজ আলী (৫৩)৷  মফিজ কৰ্মসূত্ৰে তিতাবৰৰ ন-আলিত ভাৰাঘৰ লৈ আছিল৷  নিজা ঘৰৰ ফেন চাফা কৰি থকা অৱস্থাত বিদ্যুৎ পিষ্ট হৈ মফিজ আলী গুৰুতৰ ভাবে আহত হয়৷ ততাতৈয়াকৈ তেওঁক তিতাবৰ অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয় যদিও চিকিৎসকে পৰীক্ষা কৰি মৃত বুলি ঘোষনা কৰে৷ তিতাবৰ আৰক্ষীয়ে মফিজ আলীৰ মৰণোত্তৰ পৰীক্ষাৰ কাৰণে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে৷