গুৱাহাটী, সংবাদ ৩৬৫, ১৩ ফেব্ৰুৱাৰীঃ  বিধানসভাৰ মজিয়াত মঙলবাৰে জাগীৰোডস্থিত নগাঁও কাগজ কলৰ মৃত্যু ঘণ্টাই কন্দুৱালে সন্দিকৈ মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীক। বিধান সভাত হোৱা এক অন্তৰংগ আলাপৰ পিছত সন্দিকৈ মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ দ্বিতীয় ছাত্ৰী পৰীস্মিতাই বুঢ়াগোহাঁইৰ পিতৃ দুৰ্গা প্ৰসাদ বুঢ়াগোহাঁয়ে ষোল্ল মাহৰ দৰমহা নোপোৱাকৈ অৱসৰ লোৱাৰ কথা ব্যক্ত কৰি উচুপি পৰে। পৰীস্মিতাৰ দুচকুৰ চলে কাগজ কল বন্ধ হৈ থকা ফলত ঘৰখনত দেখা প্ৰতিটো কঠিন সময়ৰ যেন বৰ্ণনা কৰিলে বিধান সভাৰ মজিয়াত। পৰীস্মিতাই মুখ্যমন্ত্ৰীক আহ্বান জনায় যে বৰ্তমান তাইৰ পিতৃৰ চাকৰি নাই কিন্তু তাই কাগজ কলৰ আন কৰ্মচাৰী সকলৰ পৰিয়ালৰ লোকৰ জীৱনলৈ অমানিশা অহাতো নিবিচাৰে। গতিকে কাগজ কল পূৰণ জীয়াই তুলিবলৈ মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনায় পৰীস্মিতাই। পৰীস্মিতাই অন্তৰংগ আলাপৰ পিছত সাংবাদিক জানোবলৈ দিয়ে যে ষোল্ল মাহে দৰমহা নোপোৱাকৈ এখন ঘৰ কেনেকৈ চলিব পাৰে কাগজ কালত কৰ্মৰত লোকৰ পৰিয়ালে বুজিব পাৰি। ৰাজ্যত বিদ্যালয় আৰু মহাবিদ্যালয় স্থাপন কৰা হৈছে কিন্তু কৰ্মসংস্থাপন অতি নিম্নমানৰ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে পৰীস্মিতাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনায় আৰু ৰাজ্যৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি জানিবলৈ দিয়ে যে ১৮শ কোটি টকাৰে পুনৰ কৰ্মৰত কৰা হব নগাঁও আৰু কাছাৰ কাগজ কল। উল্লেখ্য যে, জাগীৰোডস্থিত নগাঁও কাগজ কল বন্ধ হৈ পৰাত কাগজ কালত কৰ্মৰত লোকসকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈ পৰিছে। কাগজ কল পুনৰ কৰ্মৰত কৰাৰ বাবে কাগজ কলৰ কৰ্মচাৰী সকলে কেইবাবাৰো প্ৰতিবাদ ৰূপায়ন কৰিছে।