বিলাসীপাৰাৰ পৰা চাইফুল ইছলাম, সংবাদ ৩৬৫, ১৭ জুলাইঃ ধুবুৰী জিলাৰ অন্তৰ্গত বিলাসীপাৰা চহৰত চলি থকা গড়কাপ্তানি বিভাগৰ কামত নিয়োগ কৰা হৈছে শিশু শ্ৰমিক। নিৰ্মাণকাৰী সংস্থা এটাই শিশু শ্ৰমিক আইনক ধোৱাচাঙত তুলি নলা নিৰ্মাণৰ কামত নিয়োগ কৰিছে শিশু শ্ৰমিকক। মতলেপ উদ্দিন আহমেদৰ মালিকানাধীন নিৰ্মাণকাৰী সংস্থা এটাৰ এনে কাৰ্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সচেতন মহলত। প্ৰাথমিক শিক্ষা শিশুৰ মৌলিক অধিকাৰ, কিন্তু এই অধিকাৰক খৰ্ব কৰি ফুলকুমলীয়া শিশুক নিয়োগ কৰা হৈছে নলা নিৰ্মাণৰ কামত। বিলাসীপাৰা গড়কাপ্তানি গ্ৰাম্য পথ উপ সংমণ্ডলৰ অধীনস্থ তথা বিলাসীপাৰ চহৰৰ চাৰি নম্বৰ ৱাৰ্ডত ২০ কোটি টকা ব্যয় সাপেক্ষে বাঙালীপাৰাৰ পৰা বানিয়াপাৰা লৈ পথ আৰু নলা নিৰ্মাণৰ কামত অধিক মুনাফা আদায়ৰ বাবে নিৰ্মাণকাৰী সংস্থাটোৱে নুন্যতম মজুৰী দি নির্মাণ কামত নিয়োগ কৰিছে একাংশ শিশু শ্ৰমিকক। পথ আৰু নলা নিৰ্মাণৰ কামৰ দায়িত্বত থকা বিভাগীয় সহকাৰী অভিযন্তা মৃনাল শৰ্মা আৰু কনিষ্ট অভিযন্তা সাহ আলমক মেনেজ কৰি নিৰ্মাণকাৰী সংস্থাটোৱে শিশু শ্ৰমিক নিয়োগ কৰাৰ অভিযোগ উত্থাপিত কৰি নিৰ্মাণকাৰী সংস্থা আৰু বিভাগীয় অভিযন্তা দুজনৰ বিৰুদ্ধে শিশু শ্ৰমিক আইনৰ অধীনত ব্যৱস্থা গ্ৰহনৰ দাবী তুলিছে ৰাইজে। এই ক্ষেত্ৰত চৰকাৰ তথা জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহন কৰিব পৰবৰ্তী সময়ত লক্ষনীয় হ’ব।