গুৱাহাটী, সংবাদ ৩৬৫, ১৮ জুনঃ ৰাজ্যখনত কৰ্কট ৰােগৰ চিকিৎসাৰ দিশত নতুন যুগৰ সূচনাৰে সোমবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়ােজিত এক বিস্তৃত কাৰ্যসূচীৰ জৰিয়তে ১৯ খন কেন্সাৰ কেয়াৰ চেন্টাৰ স্থাপনৰ শুভাৰম্ভণি কৰা হয়। মুখ্যমন্ত্রী সর্বানন্দ সােণােৱাল, স্বাস্থ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, ৰাজ্য সভাৰ সাংসদ অমিত শ্বাহ আৰু টাটা ট্রাষ্টৰ অধ্যক্ষ ৰতন এন টাটাৰ উপস্থিতিত অসম চৰকাৰ আৰু টাটা ট্রাষ্টৰ যুটীয়া উদ্যোগত স্থাপন হ’বলগীয়া এই কেন্সাৰ কেয়াৰ চেণ্টাৰ স্থাপনৰ শুভাৰম্ভণি কৰা হয়। শুভাৰম্ভণি অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে ৰাজ্যখনত স্থাপন কৰিবলগীয়া ১৯ খন কৰ্কট ৰােগৰ হাস্পতালে ৰাজ্যখনৰ কৰ্কট ৰােগৰ চিকিৎসাৰ ক্ষেত্ৰত নতুন যুগৰ সূচনা কৰিব বুলি কয়। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কৰ্কট ৰােগত আক্রান্ত দুখীয়া ৰােগীসকলে এই ৰােগত আক্রান্ত হােৱা মাত্রকে দিশহাৰা হােৱাৰ দিশটো আঙুলিয়াই এই ৰােগীসকলৰ মনত এক নতুন আশাৰ সঞ্চাৰ কৰাৰ ক্ষেত্ৰত আধাৰশিলা স্থাপন কৰা ১৯ খন কেন্সাৰ চেন্টাৰে বিশেষ ভূমিকা ল’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে দেশৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মােডীয়ে ৰাজ্যখনত বিনিয়ােগৰ এক অনুকূল পৰিৱেশ সৃষ্টি কৰাৰ বাবে ‘এডভান্টেজ আসাম’ শীর্ষক বিশ্ব বিনিয়ােগ সন্মিলন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত যােগােৱা বিশেষ বৰঙণিৰ কথাও নিজৰ ভাষণত উল্লেখ কৰে। এই সন্মিলন কৃতকার্যতাৰে সম্পন্ন কৰাৰ ফলত ৰাজ্যখনত ৭৯,০০০ কোটি টকাৰ বিনিয়ােগৰ বুজা বুজি দেশৰ লগতে বিশ্বৰ বহুকেইটা আগশাৰীৰ প্ৰতিষ্ঠানৰ সৈতে সম্ভৱ হৈ উঠিছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। ‘এডভান্টেজ আসাম’ শীর্ষক বিশ্ব বিনিয়ােগ সন্মিলনত স্বাক্ষৰিত হােৱা বুজাবুজিৰ চুক্তি অনুসৰিয়েই টাটা ট্রাষ্টে অসম চৰকাৰৰ জোটবন্ধনত এই বৃহৎ চিকিৎসা সেৱা প্রকল্পসমূহ বাস্তবায়িত কৰাৰ দিশত অগ্ৰসৰ হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। এই উদ্যোগে ৰাজ্যখনৰ চিকিৎসা খণ্ডৰ উত্তৰণৰ দিশত বৃহৎ বৰঙণি যােগাব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে। এই উদ্যোগৰ বাবে টাটা ট্রাষ্টক ধন্যবাদ জনােৱাৰ উপৰি এই গােষ্ঠীৰ অধ্যক্ষ ৰতন এন টাটাক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সােণােৱালে। উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমক বিকাশৰ দিশত দ্রুততাৰে আগুৱাই নিয়াৰ বাবে কেন্দ্রীয় চৰকাৰে বহু সংখ্যক অভিলাষী আঁচনি গ্ৰহণ কৰিছে বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।

অনুষ্ঠানত বক্তব্য প্রদান কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য সেৱা খণ্ডৰ ক্ষেত্ৰত আজিৰ দিনটোক এক বিশেষ দিন বুলি অভিহিত কৰে। ৰাজ্যখনৰ কৰ্কট ৰােগৰ চিকিৎসা ক্ষেত্ৰত যুগান্তকাৰী এই প্রকল্প ৰূপায়নৰ ক্ষেত্ৰত ২০০০ কোটি টকা ব্যয় হ’ব বুলি উল্লেখ কৰি ইয়াৰে ৯০০ কোটি টকা টাটা ট্রাষ্টে আৰু ১০৮০ কোটি টকা অসম চৰকাৰে বহন কৰিব বুলিও মন্ত্ৰী গৰাকীয়ে কয়। মন্ত্ৰী গৰাকীয়ে লগতে কয় যে কেন্দ্রীয় চৰকাৰে অতিৰিক্ত ১৮০ কোটি টকা এই ক্ষেত্ৰত গঠন কৰা কর্পাচ ফাণ্ডলৈ যােগান ধৰিব। মন্ত্রী গৰাকীয়ে কৰ্কট ৰােগৰ এই ১৯ টা চেন্টাৰ অহা ২৪ মাহৰ ভিতৰত সম্পূর্ণ হৈ উঠিব বুলি কোৱাৰ লগতে ইয়াৰ ফলত ৰাজ্যখনৰ কৰ্কট ৰােগীসকলৰ চিকিৎসা ৰাজ্যখনৰ ভিতৰতে সম্ভৱ হৈ উঠিব বুলিও কয়। বিস্তৃত কৰ্কট ৰােগ শুশ্রুষা সেৱা কার্যক্রমত ভাৰতৰ বিভিন্ন অগ্রণী কর্কট প্রতিষ্ঠান বিশেষজ্ঞ চিকিৎসক সকলৰ লগত মূহুৰ্ততে যােগাযােগ ব্যবস্থা সন্নিবিষ্ট হৈ থাকিব বুলিও স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে কয়। ভাষণ প্রসংগত স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে টাটা ট্রাষ্টৰ সহযােগত কৰ্কট ৰােগৰ এই চিকিৎসা উত্তৰ-পূৰ্বাঞ্চলৰ আন কেইখন ৰাজ্যলৈও নিয়াৰ প্রচেষ্টা চলাই থকা হৈছে বুলিও জানিবলৈ দিয়ে। বৰ্তমানৰ ৰাজ্য চৰকাৰখনে স্বাস্থ্যখণ্ডৰ উত্তৰণৰ দিশত লােৱা বিভিন্ন অগ্রণী পদক্ষেপৰ বিষয়ে উল্লেখ কৰি স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে অসম চৰকাৰে গ্ৰহণ কৰা অভিলাষী আঁচনি ‘অটল অমৃত যােজনা’ৰ অধীনত বিগত ৫৮ দিনত বিভিন্ন হিতাধিকাৰীৰ চিকিৎসাৰ বাবে ৭ কোটি টকা ৰাজ্য চৰকাৰে মােকলাই দিছে বুলিও কয়। স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে এই কৰ্কট ৰােগৰ চিকিৎসালয় কেইখনত চিকিৎসা বিনামূলীয়া হ’ব বুলিও কয়। স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে অহা তিনি মাহৰ ভিতৰত ‘সমর্থ অসম’ শীর্ষক এখন আঁচনিও ৰূপায়ন কৰা হ’ব বুলি উল্লেখ কৰি ইয়াৰ জৰিয়তে ১৪ বছৰ বয়সলৈ সকলাে শিশুৰ বিভিন্ন ৰােগৰ চিকিৎসা সম্পূর্ণ বিনামূলীয়া কৰা হ’ব বুলিও কয়।

অনুষ্ঠানত ভাষণ প্রদান কৰি ৰাজ্য সভাৰ সাংসদ অমিত শ্বাহে কয় যে একেদিনাই ৰাজ্যখনত ১৯ খন কর্কট হাস্পতাল স্থাপনৰ বাবে লােৱা পদক্ষেপে ৰাজ্যখনৰ স্বাস্থ্য খণ্ডত যুগান্তকাৰী পৰিৱৰ্তন সম্ভৱ কৰি তুলিব। তিনিটা পর্যায়ত কৰ্কট ৰােগৰ চিকিৎসাৰ বাবে লােৱা ব্যৱস্থা হ’ল স্বাধীনতাৰ পিছত কৰ্কট ৰােগৰ চিকিৎসাৰ বাৰে লােৱা এক বৃহৎ পদক্ষেপ বুলিও শ্বাহে কয়। টাটা ট্রাষ্টে স্বাধীনতাৰ পুৰ্বৰে পৰা জনসেৱা মূলক কামত নিজকে নিয়ােগ কৰি অহাৰ কথা উল্লেখ কৰি সাংসদ গৰাকীয়ে কয় যে এই কর্কট চিকিৎসালয়ে দৰিদ্ৰ লােকসকলক ৰাজ্যখনতে আধুনিক চিকিৎসা সেৱা লাভ কৰাৰ ক্ষেত্ৰত সুবিধা প্রদান কৰিব। প্রধানমন্ত্রী নৰেন্দ্ৰ মােডীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰােপ কৰিছে বুলি উল্লেখ কৰি ৰাজ্য সভাৰ সাংসদ গৰাকীয়ে কয় যে কেন্দ্রীয় চৰকাৰে পথ, ৰে’ল, তথ্য প্রযুক্তিৰ সংযােগকে ধৰি বিভিন্ন অভিলাষী আঁচনি গ্ৰহণ কৰি ইয়াক ৰূপায়নৰ প্রক্রিয়া আৰম্ভ কৰিছে। ভাষণ প্রসংগত অমিত শ্বাহে কয় যে কেন্দ্রীয় চৰকাৰে স্বাস্থ্য খণ্ডৰ উন্নয়ন সাধনৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত ‘আয়ুষ্মন ভাৰত আঁচনিৰ জৰিয়তে ৫০ কোটি জনগণ উপকৃত হ’ব বুলিও কয়। সাংসদ গৰাকীয়ে সমগ্র দেশতে ৬০০০ মেডিকেল ষ্টোৰৰ জৰিয়তে ৪০০ বিধ ঔষধ ৰেহাই হাৰত প্ৰদান কৰাৰ ব্যৱস্থাৰ কথা উল্লেখ কৰি অসমত মুখ্যমন্ত্রী সর্বানন্দ সােণােৱাল আৰু স্বাস্থ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ দৃঢ় পদক্ষেপ ফলত ৰাজ্যখনৰ স্বাস্থ্যখণ্ডত আমূল পৰিবর্তন সম্ভৱ হৈ উঠিছে বুলি তেওঁ কয়। সাংসদ গৰাকীয়ে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালৰ সৱল নেতৃত্বৰ ফলশ্রুতিতেই এনেকুৱা বৃহৎ প্রকল্প খুব কম সময়ৰ ভিতৰতে আৰম্ভ কৰাটো সম্ভৱ হৈ উঠিছে বুলিও কয়।

অনুষ্ঠানত ভাষণ প্রদান কৰি টাটা ট্রাষ্টৰ অধ্যক্ষ ৰতন টাটাই কয় যে কৰ্কট ৰােগ হৈছে এক নিৰব ঘাতক। এই ৰােগে ধনী-দুখীয়া, পুৰুষ-মহিলা কোনাে প্রভেদ নাৰাখে বুলি উল্লেখ কৰি টাটাই কয় যে দেশৰ ভিতৰতে এই অঞ্চলটোত কৰ্কট ৰােগীৰ সংখ্যা সর্বাধিক। অসম চৰকাৰ আৰু টাটা ট্রাষ্টৰ উদ্যোগত কেন্দ্রীয় চৰকাৰৰ সহযােগিতাত স্থাপন হ’বলগীয়া কর্কট হাস্পতালৰ জৰিয়তে ৰাজ্যখনত বহনক্ষম চিকিৎসা প্রদানৰ সুবিধা হ’ব বুলিও কয়। ৰতন টাটাই এই পদক্ষেপ গ্রহণ কৰাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ লগতে চিকিৎসাৰ ক্ষেত্ৰত জড়িত সকলােলৈ ধন্যবাদ জ্ঞাপন কৰে।

স্বাস্থ্য বিভাগৰ প্ৰধান সচিব সমীৰ সিনহাই আদৰণি ভাষণ পাঠ কৰা অনুষ্ঠানত কেন্দ্রীয় ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গােহাঁই, স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্রী পীযূষ হাজৰিকা, ৰাজ্য চৰকাৰৰ কেইবাগৰাকী কেবিনেট আৰু ৰাজ্যিক মন্ত্রী, হাউছফেডৰ অধ্যক্ষ ৰঞ্জিত দাসকে ধৰি বহু কেইগৰাকী বিধায়ক, মুখ্য সচিব টি ৱাই দাস আৰু স্বাস্থ্য খণ্ডৰ লগত জড়িত বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।