খাৰুপেটিয়াৰ পৰা আবুল হাছেম, সংবাদ ৩৬৫, ১৮ জুনঃ দৰং আৰু ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী ওৰাং থানাৰ অন্তৰ্গত কছাৰীভেটিটোপ গাৱঁৰ এগৰাকী ১৬ বছৰীয়া কিশোৰীক বিয়াৰ প্রলোভনেৰে বিক্ৰী কৰিবলৈ চেষ্টা কৰোতে ৰাইজৰ হাতত আটক হ’ল এজন যুৱক। ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত বাগানবস্থি গাৱঁৰ মুছাৱ আলীৰ পুত্র ছিদ্দিক আলীৰ লগত ওৰাংৰ কছাৰীভেটিটোপ গাৱঁৰ এগৰাকী কিশোৰীৰ মোবাইলত পৰিচয় হয় আৰু এমাহ পূৰ্বে কিশোৰী গৰাকী ছিদ্দিক আলীৰ লগত পলাই যায়। ইয়াৰ মাজতে কিশোৰী গৰাকীয়ে এদিন ছিদ্দিক আলীয়ে বন্ধু বৰ্গৰ সহযোগত তাইক বিক্রী কৰাৰ পৰিকল্পনা ৰচনা কৰি থকাৰ বাৰ্তালাপ শুনি প্রায় এক সপ্তাহ পুৰ্বে ছিদ্দিক আলীৰ কবলৰ পৰা পলায়ন কৰি পিতৃ গৃহত উপস্থিত হৈ সমগ্ৰ ঘটনাটো পৰিয়ালৰ আগত প্রকাশ কৰে। কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে কৌশলেৰে ছিদ্দিক আলীক মাতি আনি ৰাইজৰ সহযোগত আটক কৰি উত্তম-মাধ্যম সুধাই আৰক্ষীক খবৰ দিয়ে। ঘটনাৰ খবৰ পাই ওৰাং থানাৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ কিশোৰী গৰাকীৰ লগতে ছিদ্দিক আলীক গ্রেপ্তাৰ কৰি থানালৈ লৈ যায়। উল্লেখ্য যে প্রায় এক মাহ পুৰ্বে গুৱাহাটীৰ হাতীগাঁৱৰ সিজুবাৰীৰ পৰা এগৰাকী যুৱতীক অপহৰন কৰি বিক্রী কৰা বুলি ছিদ্দিক আলীয়ে সংবাদ মাধ্যমৰ আগত প্রকাশ কৰে।