ৰঙিয়া, ১৯ এপ্ৰিলঃ প্ৰশাসনৰ তৎপৰতাত আজি ৰঙিয়াত এগৰাকী কিশোৰী বিবাহৰ পৰা কথমপি ৰক্ষা পৰে। আৰক্ষী আৰু চাইল্ড লাইনৰ তৎপৰতাত আজি ৰঙিয়াৰ গোগমালাছাৰ ৫ নং ৱাৰ্ডত বিয়াঘৰৰ পৰা উদ্ধাৰ হ’ল এটি ১৬ বছৰীয়া কিশোৰী । আৰক্ষীৰ তৎপৰতাত মাজবাটৰ পৰা উভতিল টংলাৰ দৰা । টংলাৰ গড়িয়াজাৰৰ দৰাৰ সৈতে বিবাহ ঠিক কৰিছিল এই কিশোৰীগৰাকীৰ পৰিয়ালে। এই খবৰ লাভ কৰাৰ লগে লগে ৰঙিয়া আৰক্ষী আৰু চাইল্ড লাইনৰ এটা দল উপস্থিত হৈ বিয়াঘৰৰ পৰা তৎপৰতাৰে ১৬ বছৰীয়া কইনা গৰাকীক উদ্ধাৰ কৰে । খবৰ লাভ কৰাৰ লগে লগে মাজবাটৰ পৰা উভতিল দৰা । উল্লেখ্য যে, ৰঙিয়াত দিনক দিনে বৃদ্ধি পাব ধৰিছে বাল্যবিবাহৰ।  সেয়ে ৰঙিয়া আৰক্ষী আৰু চাইল্ড লাইনে বাল্য বিবাহৰ ওপৰত এতিয়া তীক্ষ্ণ নজৰ ৰাখিছে ।