বাঘবৰ ১১ জুলাইঃ বৰপেটাৰ বাঘবৰত বেঁকী নৈৰ বাঢ়নী পানীয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে। ক্ৰমাৎ জলটি ৰূপ লৈছে সংহাৰী বানে। বানত বুৰ গৈছে শতাধিক ঘৰ-বাৰী।খাদ্য সংকটত পৰিছে বন্যাৰ্তৰ লগতে পশুধনো। সাহাৰ্য্য পোৱা নাই বন্যাৰ্তই। আনহাতে জনীয়া সমষ্টিৰ   কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত  বালিকুৰি ননকে গাঁৱত নিশা  পানীত পৰি এটি শিশুৰ কৰুণ মৃত্যু  হয়। মৃত শিশুটো হাইশৰ আলীৰ  পুত্ৰ  দেৱান নুৰ  ইন্জামুল হাচান ( ৭ মাহ ) । নিশা ঘৰৰ  চোতালৰ পানীত পৰি  বেঁকী নৈ বাঢ়নী  পানীত  মৃত্যু হয়  শিশুটোৰ । শিশুটোৰ মৃত্যুত অঞ্চল জুৰি শোকৰ ছাঁ পৰিছে ।