মিৰ্জা, ২০ অক্টোবৰঃ দিপাৱলীৰ আনন্দ উৎসাহৰ মাজতে বৰঝাৰ বিমানবন্দৰৰ সমীপত ৯জাই সক্ৰিয় গুলি উদ্ধাৰ কৰা হয়। প্ৰাপ্ত তথ্য মতে, বৰঝাৰ বিমানবন্দৰৰ সমীপৰ ভিআইপি চকত স্থানীয় লোকে হঠাৎ গুলিৰ শব্দ শুনি আতংকিত হয়।স্থানীয় লোকে ওচৰতে থকা জাবৰৰ দমত জ্বলি থকা জুইৰ পৰা হঠাৎ গুলিৰ শব্দ শুনা পাই ঘটনাস্থলীলৈ গৈ গুলী সমূহ প্ৰত্যক্ষ কৰে। ঘটনাৰ সন্দৰ্ভত স্থানীয় আজাৰা আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ এটা পৰিত্যক্ত বেগৰ ভিতৰৰ পৰা গুলিসমূহ উদ্ধাৰ কৰে। আজাৰা আৰক্ষীয়ে জানিবলৈ দিয়া মতে বেগৰ ভিতৰৰ পৰা দুটা ৯এমএম, সাতটা একে৪৭ আৰু চাৰিটা নিষ্কিয় গুলি উদ্ধাৰ হয়। বৰঝাৰ বিমানবন্দৰৰ সমীপৰ ভিআইপি চ’কৰ পথৰ দাঁতিত এনেদৰে পৰিত্যক্ত বেগৰ ভিতৰৰ পৰা সক্ৰিয় গুলী উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। জাবৰৰ দমৰ মাজত গুলি কেনেদৰে আহিল বা কোনে আনিলে, ইয়াৰ প্ৰকৃত কাৰণ তদন্তৰ পিছতহে পোহৰলৈ আহিব।