গুৱাহাটী, সংবাদ ৩৬৫, ১৮ জুলাইঃ বিবাহ এক সামাজিক বান্ধোন। হোমৰ জুইক সাক্ষী কৰি দৰা-কইনাৰ মিলন হয়। বুধবাৰে দেখিবলৈ পোৱা গ’ল মহানগৰীৰ এখন ব্যতিক্ৰমী বিবাহ অনুষ্ঠান। মহানগৰীৰ বৰাগাঁৱৰ শ্ৰীশ্ৰী বংশীগোপাল মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হ’ল ১৪গৰাকী দৰা-কইনাৰ সমূহীয়া বিবাহ। অগ্নিক সাক্ষী কৰি ১৪গৰাকী ন দৰা-কইনাই একেলগে জীৱন যুঁজত অৱতীর্ণ হোৱাৰ সংকল্প লয়। অঞ্চলটোৰ আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ যুৱক-যুৱতীৰ বাবে স্থানীয় ৰাইজে ব্যৱস্থা কৰে এই সমূহীয়া বিবাহ অনুষ্ঠানৰ। এই ৰাজহুৱা বিবাহক লৈ অঞ্চলটোত উছৱ মুখৰ পৰিৱেশ। সকলোৰে আশা নৱবিবাহিত দৰা-কইনাই শান্তিৰে পাৰ কৰক নিজৰ বৈবাহিক জীৱন। আনহাতে বিবাহ সম্পন্ন কৰিব নোৱাৰা যিকোনো আৰ্থিকভাৱে পিছপৰা ব্যক্তিৰ সহায়ৰ বাবে বৰাগাঁৱৰ ৰাইজ আগবাঢ়ি আহি এনেধৰণে সহায় কৰিব বুলি উল্লেখ কৰে মন্দিৰ পৰিচালনা সমিতিয়ে।