অজয় দাসৰ সহযোগত ধনজিৎ দাস

ৰাজীৱ ৰাজনীশ ভ্ৰাম্যমাণ মঞ্চৰ এজন সুদক্ষ আৰু প্ৰতিভাবান অভিনেতা যিজন অভিনেতাই নিজৰ সুকীয়া অভিনয়ৰ দক্ষতাৰে অভিনয় কৰি আছে ভ্ৰাম্যমাণ জগতত।সৰুৰে পৰা ফুটবল আৰু ক্ৰিকেট খেলত সুনাম কঢ়িয়াবলৈ সক্ষম হোৱাৰ ৰাজীৱ ৰাজনীশ অংকীয়া নাটৰ যোগেদিও ৰাজ্যবাসীৰ মাজত চিনাকি হৈ পৰিছিল। ৰাজীৱ ৰাজনীশ পোন প্ৰথমবাৰৰ বাবে কেমেৰাৰ সন্মুখত আহিছিল ৰাজেশ ভূঞাৰ পৰিচালিত “জেতুকা”ৰ জৰিয়তে। পিছত ক্ৰমে মানস ভাগৱতীৰ “ঢুলীয়া”, “মনফাগুনী” আৰু ৰাজেশ ভূঞাৰ “জোনবাই”ত অভিনয় কৰি অভিনয় জগতখনত নিজৰ এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল। অভিনেতাজন ৰং আৰু ৰেঙণি চেনেলৰ ধাৰাবাহিক “প্ৰতিছব্বি”, “শাহু-বোৱাৰী”, “অনুৰাধা”, “বেহাৰবাৰী আউটপোষ্ট”ৰ লগতে বিভিন্ন ধৰণৰ ধাৰাবাহিকটো অভিনয় কৰিছে।

অভিনেতা ৰাজীৱ ৰাজনীশ পোন প্ৰথমবাৰৰ বাবে ভ্ৰাম্যমাণ জগতখনত খোজ পেলাইছিল ৰাজশ্ৰী থিয়েটাৰৰ জৰিয়তে। অভিনেতাজনে হেঙুল থিয়েটাৰত ১ বছৰ আৰু কহিনুৰ থিয়েটাৰত ৩ বছৰ অভিনয় কৰাৰ পিছত বৰ্তমান সূৰ্য্যৰ মঞ্চত অভিনয় কৰি আছে। অভিনেতা ৰাজীৱ ৰাজনীশ “বা বাবলি বা”, “নবীন মাস্তাৰ”, “বিজয়া দশমী”, “দেৱদাস”, “ডি এচ পি দূৰ্গা”, “মুক্তি”, “বডিৰ্গাড”, “ত্যাজ্যপুএ” দৰে জনপ্ৰিয় নাটকত অভিনয় কৰি সুনাম কঢ়িয়াবলৈ সক্ষম হোৱাৰ লগতে ত্যাজ্যপুএ’ নাটখনত জনপ্ৰিয় অভিনেতা ভৱেশ বৰুৱাৰ জোৱাইয়েৰ চৰিত্ৰত অভিনয় কৰি নিজৰ দক্ষতা দাঙি ধৰে। চলিত বৰ্ষত “দাদাগিৰি” নাটখনত যতীন বৰাৰ বিপৰীতে খলনায়ক চৰিত্ৰত সুন্দৰ অভিনয়ৰে দৰ্শকৰ হৃদয় স্পৰ্শ কৰিবলৈ সক্ষম হৈছে অভিনেতা ৰাজীৱ ৰাজনীশে। “সংবাদ৩৫৫”ৰ তৰফৰ পৰাও অভিনেতা জনৰ সফল জীৱন কামনা কৰিলো।