শিমলুগুৰিৰ পৰা নেকিবুল হক, সংবাদ ৩৬৫, ২৪ মেঃ শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অন্তৰ্গত হুলাল কলিতাগাঁৱৰ তিনিজন মদৰ বেপাৰীয়ে স্বইচ্ছাই ত্যাগ কৰিলে অবৈধ মদৰ ব্যৱসায়। ব্যক্তি তিনিজন মদৰ ব্যৱসায় ত্যাগ কৰাৰ লগতে ভৱিষ্যতে এই অবৈধ ব্যৱসায় নকৰাৰ লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰিলে হুলাল কলিতাগাঁৱৰ গাঁওবুঢ়া নীলমণি গগৈৰ জৰিয়তে নাজিৰাৰ ৰাজহ চক্ৰ বিষয়া ড° গনেশ চন্দ্ৰ দাসক। উল্লেখ্য যে  নাজিৰা মহকুমাৰ বিভিন্ন অঞ্চলত গঢ় লৈ উঠা অবৈধ মদৰ ব্যৱসায়ে সমাজ জীৱনলৈ চৰম ভাবুকি কঢ়িয়াই অনাত জিলাখনৰ অতিৰিক্ত উপায়ুক্ত তথা মহকুমাধিপতি ৰাজীৱ থাপাই অবৈধ মদ ব্যৱসায়ৰ বিৰুদ্ধে নিয়মীয়াকৈ অভিযান চলাই অহাৰ লগতে এই ব্যৱসায়ৰ লগত জড়িত ব্যক্তি সকল অবৈধ মদৰ ব্যৱসায় ত্যাগ কৰাৰ বাবে সজাগ কৰাৰ এক ব্যতিক্ৰমী আৰু অভিনৱ প্ৰচেষ্টা হাতত লৈছিল। মহকুমাধিপতি থাপাই মহকুমাটোৰ গাঁওবুঢ়া সকলক সহযোগত অবৈধ মদৰ ব্যৱসায়ৰ লগত জড়িত ব্যক্তি সকলক নিজ ইচ্ছাই এই ব্যৱসায় ত্যাগ কৰি জীবিকা নিৰ্বাহৰ বিকল্প পথৰ সন্ধান লৱলৈ আহ্বান জনাই আহিছিল।মহকুমাধিপতি থাপাৰ এই প্ৰচেষ্টাৰ ফলত মহকুমাটোৰ হুলাল কলিতা গাঁৱৰ বসন্ত গগৈ, বিনন্দ গগৈ আৰু ৰঞ্জিত হাজৰিকা নামৰ তিনিজন ব্যক্তিয়ে মদৰ ব্যৱসায় ত্যাগ কৰি জীবিকা নিৰ্বাহৰ বাবে বিকল্প গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। নাজিৰাৰ পূৰ্বৰ মহকুমাধিপতি তথা বৰ্তমানৰ কামৰূপ মহানগৰৰ উপায়ুক্ত বীৰেন্দ মিট্টাল নাজিৰাত উপস্থিত হৈ মদৰ ব্যৱসায় ত্যাগ কৰে ব্যক্তি সকলক ফুলাম গামোছা পিন্ধাই অবৈধ মদৰ ব্যৱসায় ত্যাগ কৰি বিকল্প জীৱিকাৰ পথ বাছি লোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।