গুৱাহাটী, ১৭ এপ্ৰিলঃ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বুলেটপ্ৰুফ গাড়ীত টিএনটি বিস্ফোৰক থকাৰ সন্দেহত আজি জনতা ভৱনত এক হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয়। জনতা ভৱনৰ পৰা আজি ৰাতিপুৱা নগাঁৱৰ কালিয়াবৰলৈ যোৱাৰ পূৰ্বে মহন্তৰ এএছ-০১-এআৰ-৬৫৬৫ বুলেটপ্ৰুফ এম্বেচেদৰ গাড়ীখন এনএছজি জোৱানসকলে পৰীক্ষা কৰি থকা সময়ত মেটেল ডিটেক্টৰত টিএনটি বিস্ফোৰক থকা বুলি ধৰা পৰে। উল্লেখ্য যে, যোৱাকালি মহন্ত অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰাৰ পূৰ্বে উক্ত গাড়ীখন পৰীক্ষা কৰোতেও টিএনটি বিস্ফোৰক ধৰা পৰিছিল। পিছত পৰীক্ষা-নিৰীক্ষা কৰি গাড়ীখনত কোনো ধৰণৰ বিস্ফোৰক উদ্ধাৰ নোহোৱাত নিৰাপত্তাৰ স্বাৰ্থত বেলেগ এখন গাড়ীৰ ব্যৱস্থা কৰা হয়। আজিও পুৱা  একেখন গাড়ীত বিস্ফোৰক থকা বুলি মেটেল ডিটেক্টৰত ধৰা পৰাত জনতা ভৱনত উত্তপ্ত পৰিস্তিতিৰ সৃষ্টি হয়। পিছত  প্ৰাক্তন মুখ্যমন্ত্ৰীৰ গাড়ীখন তন্ন-তন্নকৈ পৰীক্ষা কৰিও গাড়ীখনৰ পৰা কোনো ধৰণৰ বিস্ফোৰক উদ্ধাৰ নোহোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। অসম আৰক্ষীৰ বিশেষ শাখাই প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ গাড়ীত বিস্ফোৰক নথকাৰ কথা উল্লেখ কৰি মেটেল ডিটেক্টৰত থকা কাৰিকৰী অসুবিধা কাৰণে বিস্ফোৰক থকা দেখুৱাইছে বুলি জানিবলৈ দিয়ে।