গুৱাহাটী, সংবাদ ৩৬৫, ১০ জুলাইঃ মহানগৰীৰ বিভিন্ন বজাৰত বিক্ৰী হৈ থকা চালানী মাছক লৈ এই ভয়ংকৰ খবৰ পোহৰলৈ আহিছে। মহানগৰীৰ বজাৰত বিক্ৰী হৈ থকা চালানী মাজত ধৰা পৰিছে বিষাক্ত ফৰ্মেলিন। যোৱা ২৯ জুনত লখৰাস্থিত চালানী মাছৰ বজাৰত মন্ত্ৰী পীয়ূষ হাজৰিকাই খাদ্য সুৰক্ষা বিভাগৰ লগত অভিযান চলাই বজাৰখনৰ পৰা সংগ্ৰহ কৰে চালানী মাছৰ নমুনা। খাদ্য সুৰক্ষা বিভাগে বজাৰখনৰ পৰা সংগ্ৰহ কৰা চালানী মাছৰ নমুনা ধৰা পৰিছে বিষাক্ত ফৰ্মেলিন। সাধাৰণতে মৃতদেহ সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰা বিষাক্ত ফৰ্মেলিনযুক্ত মাছৰ পৰা মানৱ শৰীৰত বিভিন্ন ৰোগৰ সৃষ্টি হোৱাৰ লগতে মানুহ কেঞ্চাৰৰ দৰে ভয়ানক ৰোগত আক্রান্ত হ’ব পাৰে। উল্লেখ্য যে, মহানগৰীত খাদ্য সুৰক্ষাক লৈ মন্ত্ৰী পীয়ূষ হাজৰিকাই বিগত কেইবাদিন ধৰি বিভিন্ন স্থানত অভিযান চলাই আছে। অভিযানৰ সময়ত মন্ত্ৰী গৰাকীয়ে লখৰা বজাৰৰ পৰা চালানী মাছৰ নমুনা সংগ্ৰহ কৰি মাছত ফৰ্মেলিনৰ অৱস্থিতি ধৰা পৰিলে চালানী মাছ বন্ধৰ ঘোষণা কৰিছিল।