শদিয়াত, সংবাদ ৩৬৫, ২১ মেঃ নাৰীৰ ওপৰত নিৰ্যাতন আৰু ধৰ্ষণৰ ঘটনা দিনক দিনে বৃদ্ধি পাবলৈ ধাৰা সময়তে এইবাৰ নৈশ বাছৰ কৰ্মচাৰীয়ে মহিলা যাত্ৰীক ধৰ্ষণৰ চেষ্টা চলোৱাৰ ঘটনা পোহৰলৈ আহিছে। সোমবাৰে শদিয়া মেডিকেল চাৰিআলিত অৰুণাচল ৰইংৰ পৰা শিলিগুৰিলৈ গৈ থকা নৈশ বাছ এখন ৰখাই স্থানীয় কিছুমান ৰাইজে বাছখনৰ ড্ৰাইভাৰ, কনডাক্তকৰ আৰু হেণ্ডিমেনক গৰুলা গুৰুলকৈ মাৰধৰ কৰে। জানিব পৰা মতে বাছখনৰ কৰ্মচাৰী কেইজনে শদিয়াৰ দুগৰাকী মহিলা যাত্ৰীক ধৰ্ষণৰ চেষ্ঠা কৰা অভিযোগ ৰাইজে বাছখনৰ কৰ্মচাৰী কেইজনক মাৰধৰ কৰে। উল্লেখ্য যে যোৱা ১৯ মে তাৰিখে মা নামৰ নৈশ বাছখন শদিয়াৰ সোণালী পামগাঁৱৰ পৰা টংলা অভিমুখে যাত্ৰা কৰোঁতে বাছখনত যাত্ৰীৰ সংখ্যা কম থকাৰ সুযোগ লৈ বাছখনৰ হেণ্ডিমেনে কেইগৰাকীমান মহিলাক ধৰ্ষণৰ চেষ্ঠা চলাইছে। মহিলা কেইগৰাকীয়ে শদিয়াৰ ঘৰলৈ অভিভাৱকক ফোন কৰি সবিশেষ জনোৱাৰ পিছত সোমবাৰে উক্ত বাছখন অৰুণাচল ৰইংৰ পৰা শিলিগুৰিলৈ গৈ থকা অৱস্থাত শদিয়া মেডিকেল চাৰিআলিত স্থানীয় কিছুমান ৰাইজে বাছখন ৰখাই ড্ৰাইভাৰ, হেণ্ডিমেন আৰু কনডাক্তকৰক প্ৰহাৰ কৰে। আৰক্ষীয়ে ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ বাছখনৰ কৰ্মচাৰী সকলক উদ্ধাৰ কৰি চাপাখোৱা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়।