মাইবঙ, সংবাদ ৩৬৫, ১৪ জুনঃ বছৰৰ প্ৰথমখন বানে সংহাৰী ৰূপ ধাৰণ কৰিছে ৰাজ্যত। উজনিৰ পৰা নামনিলৈকে বানৰ সংহাৰী ৰূপত বিচ্ছিন্ন হৈ পৰিছে যাতায়ত ব্যৱস্থা। উজনি অসমৰ কেইবাখনো জিলা বানৰ কবলত পৰাত জলবন্দী হৈ পৰিছে হাজাৰ হাজাৰ গাঁৱৰ বাসিন্দা। পাহাৰীয়া জিলা ডিমা হাছাওৰ মাইবঙতো কালাচান্দ নদীৰ বাঢ়নি পানীয়ে পাঁচখনকৈ ডাম্পাৰ গাড়ী উটুৱাই নিয়ে। জানিব পৰা মতে কালাচান্দ নদীৰ বাঢ়নি পানীয়ে উটুৱাই নিয়া পাঁচখন ডাম্পাৰ গাড়ীৰ লগতে গাড়ী কেইখনত থকা সাতজনকৈ চালক আৰু হেণ্ডিমেনকো নদীৰ বাঢ়নি পানীয়ে উটুৱাই নিয়া। নদীৰ বাঢ়নি পানীয়ে উটুৱাই নিয়া ডাম্পাৰ গাড়ী কেইখন ডবকাৰ বালি ব্যৱসায়ী চিৰাজুল ইছলাম চৌধুৰীৰ আৰু বৰ্তমান চিৰাজুল ডবকাৰ পৰা মাইবঙলৈ যাত্ৰা কৰিছে। ডাম্পাৰ গাড়ী কেইখন নদীৰ বাঢ়নি পানীয়ে উটুৱাই নিয়াত সন্ধানহীন হৈ থকা লোক সকল হৈছে চুপাৰভাইজাৰ হিমাংশু দাস, গাড়ী কেইখনৰ চালক ক্ৰমে অজয়, বাহাৰ, চমিৰ আৰু প্ৰেম সিংহ। আটাইকেইজন চালকৰ ঘৰ ডবকা আৰু কঠিয়াতলিত বুলি জানিব পৰা গৈছে। মাইবঙৰ অতি ভিতৰুৱা আৰু দুৰ্গম অঞ্চল লালটিঙৰ কিনকিৰিত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে।