গুৱাহাটী, ১৩ জানুৱাৰীঃ সময়ৰ পাখি লগা ডেউকাত উঠি পুনৰ আহিল অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু। ঋতুৰ নিয়ম মানি শীতৰ আচঁলত ধৰি আহিল ভোগৰ বিহু ভোগালী। শনিবাৰে মাঘৰ উৰুকা উপলক্ষ্য লগে ভাগে একেলগে সকলোৱে মিলি ভেলাঘৰৰ বাকৰিত এসাজ খোৱাৰ বাবে পুৱাৰ পৰা ৰাজ্যৰ মাছৰ বজাৰ সমূহত মানুহৰ সোঁত বৈছে। মহানগৰী গুৱাহাটীত উৰুকাৰ নিশা এসাজ খাবলৈ বিভিন্ন মাছৰ বজাৰসমূহত মহানগৰবাসীৰ ভিৰ পৰিলক্ষিত হোৱাৰ বিপৰীতে উজান বজাৰৰ মাছৰ বজাৰত দেখা কেইবা হাজাৰ লোক মাছ বিচাৰি অহা। উজান বজাৰ মাছৰ বজাৰত ৰৌ, বৰালি, চিতল, ভকুৱা কিনি মহানগৰবাসী উৰুকা পালনৰ প্ৰস্তুতিত ব্যস্ত হৈ থকাৰ দৃশ্য দেখিবলৈ পোৱা যায় শনিবাৰে পুৱাৰ ভাগত। কোনোবাই কিনিলে ৫ কেজি ওজনৰ ৰৌ, কোনোবাই কিনিলে চিতল, কোনোবাই আকৌ কিনিলে ১০ কেজি ওজনৰ বৰালি নিশা তৃপ্তিৰে এসাজ খোৱাৰ বাবে। বিভিন্ন সৰু বৰ মাছেৰে উপচি পৰা উজান বজাৰ মাছৰ বজাৰত থকা কিছুমান বিশেষ মাছৰ ৰাইজে আকৌ নাম দিলে চেল্ফি মাছৰ। ডাঙৰ ডাঙৰ চিতল, বৰালি, ভকুৱা উজান বজাৰত হৈ পৰিল চেল্ফি মাছ। এই চেল্ফি মাছৰ সৈতে চেল্ফি লওঁতে ব্যস্ত হল বহুতে। মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত পুৱাৰ ভাগত মাছ কিনাৰ দৃশ্য উপভোগ কৰি আনন্দিত হৈ পৰা পৰিলক্ষিত হল দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কিছুমান পৰ্যটক। মহানগৰীৰ লগতে নামনি অসমৰ বঙাইগাঁও জিলাৰ যোগীঘোপাৰ সমীপৱৰ্তী ঐতিহাসিক তামৰঙা বিলৰ মাছৰ বাজাৰটো পৰিলক্ষিত হয় মাছ কিনাৰ বাবে ৰাইজৰ ভিৰ। আকাশলংগী দামকো নেওচি ক্রেতা ওলাই আহিল মাছ কিনি উৰুকাত নিশা এসাজ খাবলৈ। মাছৰ আকাশলংগী দামে মন সেমেকাই তুলিলেও পৰম্পৰা আৰু মনৰ হেঁপাহক সাৰোগত কৰি ভোগালী বিহুক আদৰিবলৈ সাজু সমগ্ৰহ ৰাজ্যবাসী।