পৰিবেশ অনুকুল বাহনেৰে ভ্ৰমণ কৰাই দেশ বিদেশৰ পৰ্যটকক বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলীৰ জীৱন, কলা, কৃষ্টি আৰু সংস্কৃতিৰ অভিজ্ঞতা দিয়াৰ উদ্দেশ্যে ৰুট ব্রীজ’, অসম পর্যটন উন্নয়ন নিগম (এ টি ডি চি) আৰু ক্ষুদ্র বিত্ত বেংক ই এছ এ, এফ’ৰ এটা উদ্যমী প্রয়াস। প্ৰদূষণ মুক্ত আৰু নৈতিক ভ্ৰমণক জনপ্রিয় কৰাৰ চেষ্টাত ব্ৰতী ৰুট ব্রীজ, অসম পৰ্যটন উন্নয়ন নিগম (এ টি ডি চি) আৰু ক্ষুদ্র বিত্ত বেংক ই এছ এ, এফৰ এই উদ্যোগত ৰঙালী বিহুৰ প্ৰথম দিনটোত দেশ-বিদেশৰ পৰ্যটকৰ এটা দলক মাজুলীৰ জীৱন, কলা, কৃষ্টি আৰু সংস্কৃতিৰে পৰিচয় কৰাই দিয়া হয়। ৰঙালী বিহুৰ  দিনা বিদেশী পর্যটককে ধৰি ২৫ জনীয়া এটা দলে দিনজুৰি চাইকেলেৰে মাজুলীৰ বিভিন্ন স্থান ভ্ৰমণ কৰে আৰু মিছিং গাঁও, কৃষি পাম, চামগুৰি সত্ৰৰ মুখা নির্মাণ কলা, শালমৰা গাঁৱৰ প্ৰাচীন মৃৎশিল্প দর্শন আৰু পৰম্পৰাগত মিছিং খাদ্যৰ জুতি লৈ নদীদ্বীপটোৰ লোকসকলৰ জীৱন আৰু কৃষ্টি সংস্কৃতিৰ অভিজ্ঞতা লয়৷ বিয়লি সুবিশাল ব্ৰহ্মপুত্ৰৰ বুকুত সূৰ্য্যস্তৰ মনোমোহা দৃশ্য উপভোগ কৰি দেহ মন জুৰায়। বিশ্বৰ বৃহত্তম নদীদ্বীপটোত মননশীল আৰু অৰ্থবহ ভ্ৰমণৰ ক্ষেত্ৰত এক আৰ্হি স্থাপনৰ কাৰণে ৰুটব্রীজে  মাজুলীত এই কার্বনমুক্ত ভ্ৰমণৰ আৰম্ভণি কৰিছে। ব্যতিক্রমী এই ভ্ৰমণত পর্যটক সকলৰ সৈতে থাকে মাজুলীৰ ভূগোল, কৃষ্টি আৰু সংস্কৃতিৰ বিষয়ে কৈ যাব পৰা ৰুট ব্রীজৰ একোজনকৈ লোক। পর্যটকসকলে ধাননি পথাৰৰ মাজেৰে চাইকেল চলাই আৰু জান-জুৰি, নৈৰ পাৰ হৈ স্থানীয় লোকসকলৰ কৃষি-কৰ্মৰ অভিজ্ঞতা লভে আৰু মাজুলীৰ আকৰ্ষণৰ কেন্দ্ৰ চামগুৰি সত্ৰ ভ্ৰমণ কৰে। মাজুলীৰ আৰক্ষী অধীক্ষক বৈভৱ নিম্বলকাৰে (আই পি এছ) গড়মূৰত “মাজুলী অন চাইকেলৰ শুভাৰম্ভ কৰি কয়, “এই মনোমোহা দ্বীপটোৰ সৌন্দর্য উপভোগ কৰিবলৈ চাইকেলেই হৈছে উত্তম বাহন। ৰুটব্ৰীজৰ উদ্যোগে পর্যটকসকলক মাজুলীক জনাৰ অনন্য সুযোগ দিব। কার্বনমুক্ত বাহন ব্যৱহাৰ কৰি অধিক পর্যটকে মাজুলীক জানক -মই ইয়াকেই আশা কৰো। ৰঙালী বিহুৰ প্ৰথম দিনটো অর্থাৎ গৰু বিহুৰ দিনা আৰম্ভ হোৱা চাইকেল যাত্ৰাত অংশগ্রহণকাৰীসকলে এখন মিছিং গাঁৱৰ স্থানীয় লোকসকলৰ সৈতে গৰুক গা-ধোৱোৱা আৰু মাছ ধৰাতো ভাগ লয়। তাৰ পিছত এখন কৃষি পাম ভ্ৰমণ কৰা পর্যটকসকলক স্থানীয় মিছিং বিহু আৰু ঢোল বাদনেৰে গাঁৱবাসীয়ে আদৰণি জনায়। মুখা নিৰ্মাণ কলা আৰু মৃৎ শিল্প কলা দেখুৱাবলৈ পৰ্যটকসকলক চামগুৰি সত্ৰ আৰু শালমৰা গাঁৱলৈ নিয়া হয়। বিয়লি কমাৰগাঁৱৰ শিল্পীয়ে পৰিবেশন কৰা পেপাঁ, গগণা আৰু বিহু গীত আৰু নৃত্যৰ যুগলবন্দীৰ মাদকতাত বুৰ গৈ পর্যটকসকলে ব্ৰহ্মপুত্ৰৰ বুকুত সূৰ্য্যাস্তৰৰ মনোমোহা দৃশ্য উপভোগ কৰে।
উত্তৰ পূৰ্বাঞ্চলৰ কলা সংস্কৃতিলৈ অৱদান আগবঢ়োৱা অথচ প্ৰচাৰ নোপোৱা শিল্পীসকলক সন্মান জনোৱাৰ উদ্দেশ্যে ‘ৰুটি ব্রীজে” প্রৱর্তন কৰা ৰুট ব্রীজ বঁটা ২০১৭ক  প্রখ্যাত ঢোলবাদক, বগাই ওজা খ্যাত বগাই বৰা ওজাক প্রদান কৰা হয়। মাজুলীৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই (আই এ এছ) প্রদান কৰা বঁটাটোত আছে এটা ট্ৰফী আৰু দহ হেজাৰ টকা। বঁটা প্রদান কৰি উপায়ুক্ত ঝাই কয়,“ৰুট ব্ৰীজে মাজুলীলৈ অনা চাইকেল এটা ডাঙৰ পদক্ষেপ। জিলা প্রশাসন এই পদক্ষেপৰ প্ৰতি সকলো সহায় আগবঢ়াবলৈ পাই সুখী হৈছে। মাজুলী দেশৰ প্ৰথমখন কার্বন নিউট্রল জিলা হোৱাৰ পথত আৰু ৰুট ব্ৰীজৰ এই পদক্ষেপে অর্থবহ ভ্ৰমণৰ উৎকৃষ্ট উদাহৰণ দাঙি ধৰাৰ লগতে আমাৰ প্ৰকল্পক পূর্ণ সমর্থন আগবঢ়াব।” বঁটা গ্ৰহণ কৰি ৮০ বছৰীয়া বগাই ওজাই কয়, “মই দহ বছৰ বয়সৰ পৰা ঢোল বজাইছো। ঢোল বজোৱাটো মোৰ নিচা আৰু মই এতিয়াও ঢোল বজাই ভাল পাওঁ। মোৰ বহু শিষ্যই বিভিন্ন কাৰ্যসূচীত ঢোল বজাই দর্শক-শ্রোতাৰ আদৰ বুটলিছে। বঁটাৰ আশাত মই ঢোল বজোৱা নাছিলো। তথাপিও এটা বঁটা কামৰ স্বীকৃতি আৰু অনুপ্ৰেৰণা।” ৰুটি ব্ৰীজৰ প্ৰতিষ্ঠাতা জাভেদে কয়, “ৰুট ব্রীজে মাজুলীত অর্থবহ ভ্ৰমণৰ ক্ষেত্ৰত এক আদর্শ সৃষ্টি কৰিব বিচাৰিছে। মাজুলীৰ এটা চৰিত্ৰ আৰু আত্মা আছে আৰু আমি ইয়াক অক্ষুন্ন ৰাখিব লাগিব। আমি গণ পর্যটনৰ বিৰোধী। ৰুট ব্রীজে মাজুলীত স্থানীয়ভাবে দৈনন্দিন ভিত্তিত চাইকেল ভ্ৰমণৰ ব্যৱস্থা আৰম্ভ কৰিব আৰু ই ভ্ৰমণকাৰী আৰু স্থানীয় লোক দুয়োপক্ষকে উপকৃত কৰিব। আমাৰ পদক্ষেপৰ প্ৰতি চৰকাৰৰ ইতিবাচক সহাঁৰিত আমি অভিভূত।” চাইকেল যাত্ৰাত অংশগ্রহণকাৰী সকলো অতি আনন্দিত। জার্মানীৰ পৰ্যটক ডমিনিকে কয়, “এয়া এক অভিনৱ পদক্ষেপ। চাইকেল চলোৱা প্ৰতিটো মূহুৰ্ত্তক আমি উপভোগ কৰিছে। এই পদক্ষেপৰ জৰিয়তে আমি এদিনতে মাজুলীৰ জীৱন, কলা, সংস্কৃতি সকলো জনাৰ সুযোগ পালো।” দেশ বিদেশৰ বহু পর্যটক আৰু মাজুলীৰ স্থানীয় লোকে অংশগ্রহণ কৰা ৰুট ব্রীজৰ অনুষ্ঠানত ৰুট ব্ৰীজৰ জ্যেষ্ঠ প্ৰবন্ধক অজন্তা হাজৰিকা আৰু মাজুলীৰ জ্যেষ্ঠ সাংবাদিক মিতু খাটনিয়াৰেও বক্তব্য ৰাখে।