মাজুলী, সংবাদ ৩৬৫, ১৭ এপ্ৰিলঃ মঙলবাৰে পুৱা মাজুলী জিলাৰ মাজগাঁৱৰ সমীপত ব্ৰহ্মপুত্ৰ নদীত মাছ ধৰিবলৈ যোৱা দুজন মাছমৰিয়াই এটা বৃহৎ আকাৰৰ মাছ ধৰিবলৈ সক্ষম হয়। পুৱাৰ ভাগত মাছমৰিয়া দুজনে নদীত জাল বাই থাকোতে মাছমৰিয়া দুজনৰ জালত প্ৰায় এক কুইণ্টল বাৰ কেজি ওজনৰ এটা গৰুৱা মাছ লাগে। প্ৰথম অৱস্থাত ইমান প্ৰকাণ্ড মাছ এটা জালত লগাত মাছমৰিয়া দুজন মাছটোক উঠাই অনাত অলপ ভয় কৰিছিল যদিও পিছত মাছমৰিয়াৰ জালত প্ৰকাণ্ড আকাৰৰ মাছ ধৰা পৰাৰ খবৰ বিয়পি পৰাত অঞ্চলবাসী ৰাইজ নদীৰ পাৰত উপস্থিত হোৱাত মাছমৰিয়াই দুজনে মাছটো ধৰিবলৈ সক্ষম হয়। এক কুইণ্টল বাৰ কেজি ওজনৰ প্ৰকাণ্ড মাছটোক চাবলৈ কেইবাশ লোকা অঞ্চলটোত উপস্থিত হয়। মাছমৰিয়াই দুজনে মাজুলীৰ কমলাবাৰী মাছৰ বজাৰত আনি মাছটো ওজন কৰি বিক্ৰীৰ বাবে লক্ষীমপুৰ বজাৰলৈ প্ৰেৰণ কৰে।