মাজুলী, সংবাদ ৩৬৫, ১৫ ফেব্ৰুৱাৰীঃ বৃহস্পতিবাৰে মাজুলীৰ দৰবাৰ চাপৰিত ভাৰতীয় বায়ু সেনাৰ এখন হেলিকপ্টাৰ দুর্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাগ্ৰস্ত হোৱা হেলিকপ্টাৰখনত বায়ু সেনাৰ দুজনকৈ পাইলট নিহত হয়। যোৰহাটৰ পৰা মাজুলী অভিমুখে দুপৰীয়া ১.৩০ বজাত উৰা মৰা হেলিকপ্টাৰখন যান্ত্ৰিক বিজুতিৰ ফলত দুর্ঘটগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে। উৰা মৰাৰ পিছতে যান্ত্ৰিক বিজুতি ঘটাত মাজুলীৰ চাপৰিত জৰুৰীকালীনভাৱে হেলিকপ্টাৰখন অৱতৰণ কৰোৱাৰ চেষ্টা চলাইছিল পাইলটে কিন্তু অৱতৰণ পূৰ্বে আকাশত হেলিকপ্টাৰখন জ্বলি ভস্মীভূত হয়। হেলিকপ্টাৰ দুর্ঘটনাগ্ৰস্ত হোৱা জনবসতিহীন চাপৰিখন এবছৰ পূৰ্বে ব্ৰহ্মপুত্ৰৰ বুকুত স্থাপন হৈছিল। নিহত লোক দুজনৰ এজন হেলিকপ্টাৰখনৰ পাইলত জয়পল জেমছ আৰু আনজন নিহত ব্যক্তি ডি বেইটছ যাত্ৰী বুলি জানিব পৰা গৈছে।