গুৱাহাটী, ১৭ জুনঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলীৰ সত্ৰীয়া সংস্কৃতি মিচিং জনগোষ্ঠীয় সংস্কৃতি, হােটেল, পর্যটন আৱাসস্থলী পর্যটকৰ বাবে পৰিবহণ সেৱা ইত্যাদিকে ধৰি মাজুলীৰ বিভিন্ন তথ্য সামৰি এটা এনড্রাইড মোবাইল এপ’ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ উপস্থিতিত আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰে। ইয়াৰ লগতে মুখ্যমন্ত্রীয়ে মাজুলীৰ গড়মূৰত অনুষ্ঠিত মেকিং অৱ ডেভলেপড ইণ্ডিয়া বিষয়ক মোডী ফেষ্ট কার্যসূচীত অংশগ্রহণ কৰে। মোডী ফেষ্ট কার্যসূচীত অংশগ্রহণ কৰি মুখ্যমন্ত্রীয়ে কয় যে কেন্দ্রীয় চৰকাৰে দেশৰ সকলো শ্রেণীৰ জনসাধাৰণৰ কল্যাণৰ বাবে বহু সংখ্যক আঁচনি ৰূপায়ন কৰি আছে। এই আঁচনি সমূহৰ বিষয়ে উপযুক্ত সজাগতা সৃষ্টিৰ কাৰণে সমগ্ৰ দেশজুৰি মোডী ফেষ্টৰ আয়োজন কৰা হৈছে৷ মুখ্যমন্ত্রীয়ে লগতে কয় যাতে সমাজৰ সকলো শ্রেণীৰ জনসাধাৰণে আঁচনি সমূহৰ সুবিধা গ্রহণ কৰিব পাৰে। এই প্ৰসংগত মুখ্যমন্ত্রীয়ে কয় যে চৰকাৰী আঁচনি সমূহৰ সফল ৰূপায়নৰ বাবে চৰকাৰী বিভাগ সমূহৰ লগতে জনসাধাৰণো সমানে দায়বদ্ধ হ’ব লাগিব। জনসাধাৰণৰ সক্রিয় সহযোগিতাৰ জৰিয়তেহে আঁচনি সমূহৰ সফল ৰূপায়ন সম্ভৱ বুলিও মুখ্যমন্ত্রীয়ে দোহাৰে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোড়ী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে যোৱা তিনি বছৰে সততা আৰু নিষ্ঠাৰে বিভিন্ন জনমুখী আঁচনি ৰূপায়ন কৰি সমাজৰ সকলো শ্রেণীৰ লোকৰ বিকাশৰ ধাৰাৰে পৰিবর্তন অনাৰ ক্ষেত্ৰত যথেষ্ট সফলতা লাভ কৰিছে। জনধন যোজনাৰ দৰে বিশেষ আঁচনি গ্রহণ কৰি প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে দেশৰ অগণন দৰিদ্ৰ জনসাধাৰণক বেংক একাউন্টৰ খোলাৰ দৰে সুবিধা প্রদান কৰি চৰকাৰী সাহাৰ্য সমূহ পোনপটীয়াকৈ হিতাধিকাৰী সকললৈ হস্তান্তৰৰ ব্যৱস্থা লৈ এই ক্ষেত্ৰত এক স্বচ্ছ তথা নিকা পৰিবেশৰ সূচনা কৰিছে আৰু বিভিন্ন স্তৰত থকা দুৰ্নীতি নিমূলৰ ক্ষেত্ৰটাে যথেষ্ট সফলতা লাভ কৰিছে৷ মুখ্যমন্ত্রীয়ে লগতে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোড়ীয়ে বিমুদ্রাকৰণৰ দৰে এক যুগান্তকাৰী সিদ্ধান্ত গ্রহণ কৰি ক’লা ধন আৰু দুৰ্নীতি ৰােধৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ গ্রহণ কৰিছে। ইয়াৰ ফলত ডিজিটেল লেনদেন সম্ভৱ হৈছে। দুৰ্নীতিও ৰােধ কৰাৰ ক্ষেত্ৰত ই এক শক্তিশালী পদক্ষেপ হিচাপে চিহ্নিত হৈছে৷