গোলাঘাট, সংবাদ ৩৬৫, ১২ জুলাইঃ ’মেলিলো প্ৰথম চকু তোমাৰ কোলাতেই আই, জীৱনৰ আদিম পুৱাত’
’মুদিম আকৌ চকু তোমাৰ কোলাতেই শুই, জীৱনৰ শেষ সন্ধিয়াত’

গোলাঘাটৰ ঢেকীয়াল আধলি চুকৰ বাসিন্দা অপূৰ্ব হাজৰিকা আৰু মুনমি হাজৰিকাৰ একমাত্ৰ দেৱশিশুটি মাতৃৰ কোলাত ওমলি থাকোঁতেই মূৰৰ এক জটিল ৰোগত আক্ৰান্ত হৈ অস্ত্ৰোপচাৰৰ সন্মুখীন হ’ল৷ বিগত দুবছৰে শিশুটিৰ মূৰত পানী জমা হৈ এক যন্ত্ৰণা দায়ক জীৱন অতিবাহিত কৰিব লগা হৈছে দেৱশিশুটিয়ে৷ ইতিমধ্যে ডিব্ৰুগড় মেডিকেল কলেজত মূৰৰ এক জটিল অস্ত্ৰোপচাৰ সম্পন্ন হৈছে যদিও পুণৰ অসুস্থ হৈ পৰে শিশুটি৷ শিশুটিৰ অৱস্থাত সৰ্বস্বান্ত হৈ পৰিছে পিতৃ মাতৃ। একালৰ ছাত্ৰ নেতা শিশুটিৰ পিতৃ অপূৰ্ব হাজৰিকাই মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী ড.হিমন্ত বিশ্ব শৰ্মালৈ পুনৰ অস্ত্ৰোপচাৰৰ বাবদ হ’বলগীয়া চাৰি লাখ টকা সাহায্য বিচাৰি কাতৰ আহ্বান৷ সন্তানটি যাতে সুস্থ হৈ উঠে তাৰবাবে অসমৰ ৰাইজলৈও আহ্বান পিতৃ মাতৃৰ৷ শিশুটিৰ সহায়ৰ বাবে ইচ্ছ্যুক সকলে 7578091514 নম্বৰত যোগাযোগ কৰিব পাৰিব ।