মাণিকপুৰ, ১৯ ছেপ্তেম্বৰঃ বঙাইগাঁৱৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত লুংঝাৰ পাৰঘাটৰ মানাহ নদীত এক ভয়ানক নাওঁ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত ৮৫ জন যাত্ৰীৰ কোনোমতে প্ৰাণ ৰক্ষা পৰে যদিও ৩ খন মটৰ চাইকেল, ৭ খন মৰাপাট ভৰ্তি ঠেলা আৰু কেবাখনো চাইকেলসহ প্ৰায় ১২ লক্ষাধিক টকাৰ সামগ্ৰী পানীত ডুব যায়। প্ৰাপ্ত তথ্য মতে, কিছুদিন পূৰ্বে হোৱা প্ৰলয়ংকাৰী বানপানীয়ে পাৰঘাটত থকা দলংখন উটুৱাই নিয়াৰ পিছত উক্ত স্থানত ৰাইজে যাতায়তৰ বাবে এখন যন্ত্ৰ চালিত নাওঁৰ ব্যৱস্থা কৰি যাতায়ত কৰে৷ আজি পাতিলাদহাৰ সাপ্তাহিক বজাৰখনৰ কাৰণে যাত্ৰী তথা বজাৰত বিক্ৰীৰ বাবে অনা সামগ্ৰীৰে পাৰঘাটো ভৰি পৰিছিল। যন্ত্ৰচালিত নাওঁখনে অত্যাধিক ওজন কঢ়িয়াই বিপদসংকুল ভাৱে পাৰাপাৰ হোৱাৰ কাৰণে এই দুৰ্ঘটনাটো সংঘটিত হয় বুলি স্থানীয় লোকে জানিবলৈ দিয়ে। দুৰ্ঘটনাৰ পিছৰে পৰা অঞ্চলটোৰ লোকসকলে নাৱেৰে যাতায়ত কৰিবলৈ শংকিত হৈ পৰে৷ শংকিত লোকসকলে চৰকাৰক অতি সোনকালে মানাহ নদীৰ ওপৰত লুংঝাৰ পাৰঘাটত এখন পকী দলং নিৰ্মাণ কৰি অঞ্চলটোৰ হাজাৰ হাজাৰ লোকক যাতায়ত ব্যৱস্থা সুচল কৰি দিবলৈ দাবী জনাইছে। উল্লেখ্য যে, উক্ত পাৰঘাটেৰে দৈনিক সহস্ৰাধিক লোকৰ লগতে প্ৰায় চাৰিশ  ছাত্ৰ-ছাত্ৰীয়ে বিপদসংকুল ভাৱে নাৱেৰে পাৰাপাৰ হয়।