গুৱাহাটী, সংবাদ ৩৬৫, ১৯ জুনঃ মহানগৰীৰ কামাখ্যাৰ দুৰ্গাসৰোবৰৰ পৰা মঙলবাৰে জালুবকাৰী আৰক্ষীয়ে এক অভিযান চলাই সুনীল দাস আৰু প্ৰদীপ টেৰং নামৰ দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। সুনীল দাস নামৰ ড্ৰাগছ সৰবৰাহকাৰী জনে প্ৰদীপ টেৰং নামৰ আন এজন ড্ৰাগছ সৰবৰাহকাৰীক ড্ৰাগছ যোগান ধৰিবলৈ আহি আৰক্ষীৰ জালত পৰে। আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীক দুজনক আটক কৰাৰ লগতে ০.১১ গ্ৰাম ড্ৰাগছৰ আৰু নগদ ধন উদ্ধাৰ কৰে। জালুকবাৰী আৰক্ষীয়ে দুয়ো ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে জেৰ অব্যহত ৰাখিছে।