মুম্বাই, সংবাদ ৩৬৫, ১ এপ্ৰিল: মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাইত মাৰাঠী সাহিত্য সংঘৰ সৈতে দেওবাৰে অসম সাহিত্য সভাৰ এখনি বৈঠক অনুষ্ঠিত হয়৷ অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশী আৰু প্ৰধান সম্পাদক পদুম ৰাজখোৱাৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে বৈঠকত অসমীয়া আৰু মাৰাঠী সাহিত্যৰ বিকাশ আৰু প্ৰসাৰৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে ৷ অসম সাহিত্য সভাৰ তৰফৰ পৰা অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰা গ্ৰন্থ বীণা বৰুৱাৰ ” জীৱনৰ বাটত”, চৈয়দ আব্দুল মালিকৰ ” সুৰুজ মুখীৰ স্বপ্ন”, ডঃ মামণি ৰয়চম গোস্বামীৰ ” তেজ আৰু ধুলীৰে ধুসৰিত পৃষ্ঠা”, ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ” মৃত্যুঞ্জয়” আৰু নৱকান্ত বৰুৱাৰ “অপদাৰ্থ “মাৰাঠী সাহিত্য সংঘক প্ৰদান কৰা হয়৷ বৈঠকত দুয়োটা ভাষাৰ উৎকৃষ্ট গ্ৰন্থ সমূহ পৰ্য্যায় ক্ৰমে অনুবাদ কৰাৰ ওপৰতো খৰছি মাৰি আলোচনা কৰা হয়৷ দেওবাৰৰ এই বৈঠকত মাৰাঠী সাহিত্য সংঘৰ ডঃ সুৰেখা চবনীশ, ৰেখা নাৱেৰকাৰ, প্ৰফেচাৰ সুভাশিনী, ডঃ অনুপমা নিৰঞ্জন, উজ্বলা মহেনদালে, উষা লামলেহ প্ৰমুখ্যে ভালেমান বিষয়ববীয়া উপস্থিত থাকে।