টিহুৰ পৰা পংকজ বেজবৰুৱা, সংবাদ ৩৬৫, ১২ ফেব্ৰুৱাৰীঃ নলবাৰী জিলাৰ পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই অঞ্চলটোৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত সোমবাৰে পশ্চিম নলবাৰী ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন দাবী পত্ৰ প্ৰেৰণ কৰে। চামতা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত জৰুৰীকালীন সেৱা বিভাগ প্ৰৱৰ্তন কৰা, নিবিড় তত্ত্বাৱধান গোট প্ৰৱৰ্তন কৰা আৰু অস্ত্ৰোপচাৰ কক্ষ স্থাপন কৰা, কামৰূপ মহাবিদ্যালয় আৰু ছহিদ স্মৃতি মহাবিদ্যালয়ত বিজ্ঞান আৰু বাণিজ্য শাখা অন্তৰ্ভুক্ত কৰা, পশ্চিম নলবাৰী অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানত খালী হৈ থকা শিক্ষকৰ পদসমূহ অতি শীঘ্ৰে পূৰ্ণ কৰা, প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অঞ্চলটোত এটা প্ৰশিক্ষণ শিৱিৰ মুকলি কৰা আৰু পশ্চিম নলবাৰী অঞ্চলৰ জৰাজীৰ্ণ বাট পথসমূহ অতি শীঘ্ৰে পুনৰ নিৰ্মাণ কৰি যাতায়াতৰ উপযোগী কৰাৰ দাবীৰে পশ্চিম নলবাৰী ৰাজহ চক্ৰ বিষয়াৰ হাতত এখন পত্ৰ অৰ্পণ কৰে। ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ দলটোক সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক নিৰুজ উদ্দিন আহমেদ, পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিশ্বজিৎ শৰ্মা, উপ সভাপতি নিপল তালুকদাৰ, সাধাৰণ সম্পাদক প্ৰঞ্জল বৰ্মন আৰু সহকাৰী সাধাৰণ সম্পাদক প্ৰাণজিৎ ঠাকুৰীয়াই নেতৃত্ব দিয়ে।