আগৰতলা, সংবাদ ৩৬৫, ১৩ জুনঃ ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত এগৰাকী মুছলমান মহিলাই ৰোজা ভাঙি এগৰাকী হিন্দু মহিলাৰ প্ৰাণ ৰক্ষা কৰাৰ খবৰে বিশেষ প্ৰচাৰ লাভ কৰিছে। মানৱীয়তাৰ পৰিচয় দাঙি মুছলমান মহিলা এগৰাকীয়ে ৰোজা ভাঙি এগৰাকী হিন্দু মহিলাক ৰক্তদান কৰি প্ৰাণ ৰক্ষা কৰে। ফেচবুকৰ জৰিয়তে আগৰতলাৰ এখন চিকিৎসালয়ত মূত্ৰাশয়ৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা মণিকা দেৱ নামৰ এগৰাকী মহিলাক তেজৰ প্ৰয়োজন হোৱাৰ খবৰ অৱগত হোৱাৰ পিছত তাবাচুম কবীৰ নামৰ মহিলা গৰাকীয়ে ৰক্তদানৰ বাবে চিকিৎসালয়ত যোৱাৰ পিছত ৰোজা ৰখাৰ বাবে তাবাচুমে ৰক্তদান কৰিব নোৱাৰিব বুলি চিকিৎসকে জানিবলৈ দিয়াত তাবাচুমে ৰোজা ভাঙি মহিলা গৰাকীক ৰক্তদান কৰে। ৰক্তদানৰ পিছত তাবাচুমে জানিবলৈ দিয়ে যে পোন প্ৰথমবাৰৰ বাবে তাই ৰক্তদান কৰিছে আৰু ৰক্তদান কৰি তাই অতি সুখ অনুভৱ কৰিছে। তাবাচুমে আৰু কয় যে কাৰোবাৰ জীৱন ৰক্ষা কৰাটো ৰোজাতকৈও অধিক গুৰুত্বপূৰ্ণ।