গুৱাহাটী, ২৬ জুনঃ মাছখোৱাৰ আইটিএ সাংস্কৃতিক প্রকল্পত দেওবাৰে নিশা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় ৯০০ দৰ্শকৰ উপস্থিতিত ১৫ সংখ্যক ছানছিল্ক মেগা মিছ নৰ্থ ইষ্ট, ২০১৭ প্রতিযোগিতাত বিজয়ী খিতাপ অর্জন কৰে মেঘালয়ৰ মেৰী খাইব্ৰেমে। আনহাতে, প্রতিযোগীতাখনত ১ম আৰু ২য় ৰাণাৰ আপৰ খিতাপ অর্জন কৰে ক্ৰমে মণিপুৰৰ ষ্ট্রেলা থৌনাওজাম আৰু অসমৰ স্মৃতি শৰ্মাই। তিনিওগৰাকী বিজয়ীকে তেওঁলোকৰ এই পেশাগত কেৰিয়াৰ আগবঢ়াই নিয়াৰ বাবে মেগা এণ্টাৰটেইনমেন্টে তত্বাৱধান লোৱাৰ লগতে তেওঁলোকক পেশাগত দিশত প্রতিনিধিত্ব কৰাৰ সুবিধা প্ৰদান কৰিব। তদুপৰি, বিজয়ীসকলে বিভিন্ন ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্রদর্শনীৰ ৰেম্পত খোজ কঢ়াৰো সুযোগ লাভ কৰিব। ছানছিন্ধ মেগা মিছ নর্থ ইষ্ট, ২০১৭ৰ খিতাপ জয়ৰ চূড়ান্ত প্রতিযোগিতাৰ বাবে মেগা এণ্টাৰটেইনমেন্টে ৪৯ গৰাকী মহিলাৰ তালিকা প্ৰস্তুত কৰিছিল। এই প্রতিযোগিতাখনি মেগা এণ্টাৰটেইনমেণ্টৰ প্ৰতিষ্ঠাপক অভিজিত সিংহৰ দ্বাৰা প্রযোজিত আৰু পৰিচালন সঞ্চালক কানহাইয়া মেহটাৰ দ্বাৰা পৰিচালিত হয়। প্রতিযোগিতাৰ আয়োজক এলানি উপ-পুৰস্কাৰো প্ৰদান কৰা হয়। প্রিয়ান্ধী গগৈক মিছ ট্ৰেণ্ডী বঁটা চয়নিকা বৈশ্যক ৰেডিছন ব্ল মিছ হস্পিটেলিটী আৰু ব্ৰেক্স’না মিছ কনফিডেন্স বঁটা প্ৰদান কৰে। সর্বাধিক সংখ্যক ভোট লাভৰ ভিত্তিত নির্বাচিত ভোডাফোন মিছ পপুলাৰ টাইটলৰ অধিকাৰী চুকিনী চুৎঙাই পোনপটীয়াকৈ ছেমি ফাইলেনত প্ৰৱেশ কৰে। প’ণ্ডছ হোৱাইট বিউটি মিছা স্পটলেচ দিভা খিতাপ অর্জন কৰে মেৰী খাইব্ৰেমে আৰু ছানছিল্ক মিছ ব্রেক শ্বাইন হেয়াৰ খিতাপ অর্জন কৰে ময়ূৰী ভূঞাই ।