মেঘালয়, সংবাদ ৩৬৫, ২০ ফেব্ৰুৱাৰীঃ পাহাৰীয়া ৰাজ্য মেঘালয়ৰ মুখ্যমন্ত্ৰী মুকুল চাংমাক ছচিয়েল মিডিয়াযোগে হত্যাৰ ভাবুকি প্ৰদান কৰিছে গাৰো উগ্ৰপন্থী সংগঠন জিএনএলয়ে। জিএনএলৰ মুখপাত্ৰ গংবিন মাৰাকে ছচিয়েল মিডিয়াযোগে মুকুল চাংমাক হত্যাৰ ভাবুকি প্ৰদান কৰিছে। মেঘালয়ৰ মুখ্যমন্ত্ৰী মুকুল চাংমাৰ লগতে কেইবাজনো মেঘালয়ৰ কংগ্ৰেছী নেতাৰ নাম উল্লেখ থকা বুলি জানিব পৰা গৈছে জিএনএলএৰ হিটলিষ্টত। মেঘালয়ৰ ছংছাক সমষ্টিৰ বাসিন্দাসকলক মুকুল চাংমাক ভোট নিদিবলৈ গাৰো উগ্ৰপন্থী সংগঠনটোৱে ভাবুকি প্ৰদান কৰা বুলিও জানিব পৰা গৈছে। যদি নিৰ্বাচনত মুকুল চাংমা বিজয় হয় তেন্তে ছংছাকত বছৰজোৰা বন্ধৰো হুংকাৰ প্ৰদান ক্ৰুছে সংগঠনটোৱে। মেঘালয়ৰ জনসাধাৰণক কংগ্ৰেছৰ বিৰুদ্ধে ভোট দান কৰিবলৈ আহ্বান জনাইছে জিএনএলএ। মঙলবাৰে মেঘালয়ত কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী দুখনকৈ নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰিব। মঙলবাৰে পুৱা ১১ বজাত গাৰো পাহাৰৰ মেন্দিপথাৰত উপস্থিত হৈ ৰাহুল গান্ধীয়ে নিৰ্বাচনী প্ৰচাৰ চলাই ১ বজাত ৰাওনা হ’ব তুৰালৈ। দলীয় প্ৰাৰ্থীৰ হৈ তুৰাত নিৰ্বাচনী প্ৰচাৰ চলাব ৰাহুল গান্ধীয়ে। উল্লেখ্য যে, যোৱা ১৮ ফেব্ৰুৱাৰীত মেঘালয় বিধানসভা নিৰ্বাচনৰ পূৰ্বে গাৰো পাহাৰত উলিয়াম নগৰৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা এনচিপিৰ প্ৰাৰ্থী জোনাথন চাংমাক গাৰো উগ্ৰপন্থী সংগঠন জিএনএলএ গুলীয়াই হত্যা কৰিছিল।