অনলাইন ডেস্ক, সংবাদ ৩৬৫, ২৭ ফেব্ৰুৱাৰীঃ মঙ্গলবাৰে পুৱা ৭ বজাৰ পৰা মেঘালয় আৰু নাগালেণ্ডৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ হয়। পুৱাৰে পৰা দুয়োখন ৰাজ্যৰ ৰাইজে ভোটকেন্দ্ৰ সমূহত শাৰী পাতি ভোটদান কৰিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে। দুয়োখন ৰাজ্যতে ৬০ টা আসনৰ বাবে মঙলবাৰে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে যদিও ৬৯ টা সমষ্টিতহে ভোটগ্ৰহণ আৰম্ভ হৈছে। মেঘালয়ৰ উলিয়াম নগৰ সমষ্টিত এনচিপিৰ প্ৰাৰ্থী জনাথন এন চাংমাৰ উগ্ৰপন্থীৰ আক্ৰমণত মৃত্যু হোৱাৰ বাবে উলিয়াম নগৰ সমনষ্টিত ভোটগ্ৰহণ স্থগিত ৰখা হৈছে আনহাতে নাগালেণ্ডৰ এখন আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ জয়লাভ কৰাৰ বাবে নাগালেণ্ডটো ৬৯ টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত কৰা হৈছে। বিধানসভা নিৰ্বাচনত কেন্দ্ৰ কৰি ৰাজ্য দুখনত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। মেঘালয়ত এইবাৰ বিধানসভা নিৰ্বাচনত মুঠ ৩৫৯ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু যত ৩২ গৰাকী মহিলা প্ৰাৰ্থী আছে। নাগালেণ্ডটো এইবাৰ ১৯৪ গৰাকী প্ৰাৰ্থীয়ে বিধানসভা নিৰ্বাচনৰ যুঁজত ভাগ লৈছে। আনহাতে নাগালেণ্ডত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে ৪১ নং টিজি সমষ্টিত ভোটগ্ৰহণ কেন্দ্ৰত বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। ভোটগ্ৰহণ কেন্দ্ৰটোত দুৰ্বৃত্তই বটল গ্ৰেণেড বিস্ফোৰণ কৰাত এজন লোক আহত হোৱা বুলি জানিব পৰা গৈছে।