গোলাঘটাৰ পৰা গৌতম শইকীয়া, ১৩ জানুৱাৰীঃ শনিবাৰে উৰুকা, ৰাজ্যবাসী ভোগালীক আদৰিবলৈ প্ৰস্তুত, ভেলাঘৰৰ বাকৰিত তৃপ্তিৰে এসাজ খাবলৈ ৰাজ্যবাসী ভিৰ কৰিছে বজাৰসমূহত। গোলাঘাট জিলাৰ মৰঙিৰ পোৰাজংঘলবাসী উৰুকাৰ নিশা ভোজ খাব এখন আদৰ্শ গাঁওত। মৰঙিৰ পোৰাজংঘলবত অঞ্চলবাসীয়ে উৰুকাৰ নিশা ভোজ খাবলৈ সাজি উলিয়াইছে এখন আদৰ্শ গাঁও সদৃশ ভেলাঘৰ। ১নং ৰ পৰা ৬নং লৈকে, গড়বস্তিৰ পৰা আলুবাৰীলৈকে সমগ্ৰ পোৰাজংঘলত চুবুৰীসমূহত আয়োজিত অৰ্দ্ধশতাধিক মেজিসমূহৰ ভিতৰত ৩নং পোৰাজংঘল নামঘৰ চাৰিআলিত ভোগালীৰ উপলক্ষ্য সাঁজি তোলা ভেলাঘৰে স্থানীয় ৰাইজক আকৰ্ষিত কৰি তুলিছে। কেইবাটাও চুবুৰীৰ ৰাইজে লগ হৈ তৈয়াৰ কৰা এই ভেলাঘৰখনৰ লগত আছে গাঁৱলীয়া ঘৰ এখনৰ আদৰ্শ পৰিবেশ। সৰ্বসাধাৰণতে এখন গৃহস্থীৰ ঘৰত থাকিবলগীয়া ঘৰ বাৰীসহ পোহনীয়া জীৱ-জন্তু, গোহালি, ভঁড়াল, নাদ সকলোবোৰ বস্তু নৰাৰে সাঁজি উলিয়াছে অঞ্চলবাসী। অঞ্চলটোত ভোগালী উপলক্ষ্য কেইবাটাও ভেলাঘৰ তৈয়াৰ কৰা হৈছে যদিও সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে এই আদৰ্শ গাঁৱৰ আৰ্হিত তৈয়াৰ কৰা ভেলঘৰখনে।