মৰাণৰ পৰা পলাশ কাকতি, সংবাদ ৩৬৫, ২০ জুনঃ চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ ৰাইদাংত বুধবাৰে মৰাণহাট আৰক্ষীয়ে চৰাইদেউ জিলা প্ৰশাসনৰ নিৰ্দেশমৰ্মে এটা অবৈধ চুলাই মদৰ ঘটি আৰু জুৱাৰ আড্ডা উচ্ছেদ কৰে। ৰাইদাং মধ্য  ইংৰাজী বিদ্যালয় আৰু ৰাইদাং উচ্চ মাধ্যামিক বিদ্যালয়ৰ মধ্যস্থলত জিতেন চুতীয়া নামৰ এজন লোকে দীৰ্ঘদিন ধৰি অঞ্চলটোত চুলাই মদৰ অবৈধ ঘটিৰ লগতে জুৱাৰ আড্ডা চলাই আহিছিল। দুখনকৈ বিদ্যালয়ৰ নিচেই কাষতে গঢ়ি তোলা এই অবৈধ চুলাই মদ আৰু জুৱাৰ আড্ডাই বিদ্যালয় দুখনৰ পঢ়াৰ পৰিৱেশ বিনষ্ট কৰাৰ লগতে কণ কণ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত ইয়াৰ বিৰূপ প্ৰভাৱ পৰা পৰিলক্ষিত হয়। এই অবৈধ মদৰ ঘটি আৰু জুৱাৰ আড্ডাৰ বিষয়ে অঞ্চলটোৰ সচেতন ৰাইজে চৰাইদেউ জিলা উপায়ুক্তক লিখিত ভাৱে অভিযোগ দাখিল কৰাত জিলা প্ৰশাসনৰ নিৰ্দেশমৰ্মে মৰাণহাট আৰক্ষী চক্ৰ পৰিদৰ্শক অৰূপ দত্ত আৰু মৰাণহাট আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া বিৰিঞ্চি কোঁৱৰৰ নেতৃত্ব মৰাণহাট আৰক্ষী থানাৰ আৰক্ষীয়ে অভিযান চলাই অবৈধ চুলাই মদৰ ঘটি আৰু জুৱাৰ আড্ডাটো উচ্ছেদ কৰে। আৰক্ষীয়ে মদৰ ঘটাৰ পৰা চুলাই মদ তৈয়াৰ কৰা বহু সামগ্ৰীৰৰ লগতে ৫০০ লিটাৰ চুলাই নষ্ট কৰে। আৰক্ষীয়ে অবৈধ চুলাই মদৰ ঘটি আৰু জুৱাৰ আড্ডা গঢ়ি তোলা ব্যৱসায়ী জিতেন চুতীয়াকো গ্ৰেপ্তাৰ কৰে।