মৰাণ, সংবাদ ৩৬৫, ১৭ জুনঃ চৰাইদেও জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত মৰাণ’ৰ খুমতাই চাহ বাগিচাত দেওবাৰে খুমতাই হিন্দু যুৱ বিকাশ মঞ্চই এক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানৰ সভাপতিত্ব কৰে ৰাজ এনজিয়ে আৰু উদ্দেশ্যে বাখ্যা কৰে চুমিত তাঁতীয়ে। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট সাংবাদিক ৰাজু মিশ্ৰ, মৰাণ ফটিকাচুৱা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী জয়মতী ফুকন, খুমতাই প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী মাৰ্জিনা কমাৰ, ৱাৰ্ড সদস্য মনোজ তাঁতী আৰু আনন্দ তাঁতীয়ে ছাত্র ছাত্ৰী সকলক অভিনন্দন জনাই উজ্জল ভৱিষ্যত কামনা কৰে।মহম্মদ জাকিৰ হুছেইনৰ দ্বাৰা পৰিচালিত সম্বৰ্ধনা অনুষ্ঠানত উচ্চ মাধ্যমিক’ৰ ৩৫ গৰাকী আৰু উচ্চতৰ মাধ্যমিক’ৰ ১৫ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা পত্ৰ আৰু উপহাৰ প্ৰদান কৰা হয়। অনুষ্ঠানত কাৰ্বি আংলঙৰ ডকমকা কাণ্ডৰ দুই ভুক্তভোগী যুৱকৰ আত্মাৰ শান্তিৰ অৰ্থে এক মিনিট মৌনতা অৱলম্বন কৰা হয়।অনুষ্ঠানত বহু গণ্যমান্য ব্যক্তিৰ লগতে ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে।