যোৰহাটৰ পৰা জুতিকা মহন্ত,সংবাদ ৩৬৫, ১৬ ফেব্ৰুৱাৰীঃ  শুক্ৰবাৰে যোৰহাট জিলাত অন্ধ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। উল্লেখ্য যে, বিদ্যালয়খনত নৱম আৰু দশম শ্ৰেণীৰ অংক আৰু বিজ্ঞানৰ শিক্ষক নথকা সন্দৰ্ভত ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ৰ অধ্যক্ষক অৱগত কৰিছিল যদিও অধ্যক্ষগৰাকীয়ে এই সন্দৰ্ভত কোনো গুৰুত্ব প্ৰদান নকৰাত শিক্ষাৰ্থীসকল ক্ষোভিত হৈ শুক্ৰবাৰে এক প্ৰতিবাদী কার্যসূচী গ্ৰহণ কৰে। বিদ্যালয়ৰ কেইগৰাকীমান শিক্ষকৰ সহযোগত অধ্যক্ষ সংগীতা বৰঠাকুৰে ছাত্ৰ ছাত্ৰীসকলক লৈ জিলা উপায়ুক্তক লগ ধৰি অংক আৰু বিজ্ঞানৰ শিক্ষক দিবলৈ অনুৰোধ কৰিবলৈ আহিছিল আৰু শিক্ষয়িত্ৰী কেইগৰাকীৰ লগতে অধ্যক্ষাগৰাকীয়ে ছাত্ৰ ছাত্ৰীসকলক উপায়ুক্তৰ কাৰ্যালয়ৰ বাহিৰতে এৰি গুচি যোৱাত ছাত্ৰ ছাত্ৰীসকলে ক্ষোভিত হৈ পৰে। ছাত্ৰ ছাত্ৰীসকলে লগতে অভিযোগ কৰে যে অধ্যক্ষ গৰাকীয়ে ছাত্ৰ ছাত্রীসকলক টিউচন লবলৈ নিদিয়ে। আনহাতে, শুক্ৰবাৰৰ পৰা আৰম্ভ হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীকো মাত্ৰ তিনি দিনৰ আগতে ৰুটিন দিয়া হৈছিল বুলিও একাংশ ছাত্ৰ ছাত্ৰীয়ে মন্তব্য কৰে। অন্ধ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এই ক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ নকৰা পৰ্যন্ত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা উভতি যাবলৈ অমান্তি হোৱাত প্ৰশাসনৰ লোক আহি ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়ত লৈ যায়।