যোৰহাটৰ পৰা জুতিকা মহন্ত, সংবাদ ৩৬৫, ১৭ ফেব্ৰুৱাৰীঃ শনিবাৰে যোৰহাটত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱ নিৰ্বাচিত সভাপতি ৰিপুণ বৰাক উষ্ম আদৰণি জনাই যোৰহাট জিলাৰ কংগ্ৰেছৰ কৰ্মকর্তাসকলে। ৰাজ্যত হব লগা আগন্তক পঞ্চায়ত নিৰ্বাচনত কেন্দ্ৰ কৰি শনিবাৰে যোৰহাট জিলাৰ কংগ্ৰেছ ভৱনত অনুষ্ঠিত এক সভাত অংশগ্ৰহণ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৰাকীয়ে বিজেপিৰ অপশাসনৰ পৰা ৰাইজক মুক্ত কৰিবলৈ হ’লে প্ৰথমতে পঞ্চায়ত দখল কৰিব লাগিব কংগ্ৰেছে আৰু তাৰ পাছত ক্ৰমান্বয়ে চৰকাৰ কংগ্ৰেছৰ দখলত আহিব বুলি ৰিপুণ বৰাই মত প্ৰকাশ কৰে। বিজেপিয়ে টকাৰ খেল খেলি গণতন্ত্ৰৰ মূল্য বিনষ্ট কৰিছে বুলি নৱ নিৰ্বাচিত সভাপতি গৰাকীয়ে মন্তব্য কৰে। ত্ৰিপুৰাৰ নিৰ্বাচন সম্পৰ্কত সাংবাদিকে প্ৰশ্ন কৰাত ৰিপুণ বৰাই কয় যে বিজেপি দলহে জ্যোতিষী, কংগ্ৰেছ দল জ্যোতিষী নহয়। ২০১৯ চনত বিজেপি দল ধাৰাশায়ী হ’ব বুলিও এক মত প্ৰকাশ কৰে। যোৰহাটৰ কংগ্ৰেছ ভৱনত অনুস্থিত হোৱা সভাখনত ৰিপুণ বৰাৰ লগতে মৰিয়ণি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, যোৰহাট জিলা কংগ্ৰেছ কমিটিৰ সভাপতি দীপ গগৈৰ লগতে জিলাখনৰ কেইবাজনো কংগ্ৰেছ নেতা আৰু কৰ্মকর্তা উপস্থিত থাকে।