যোৰহাট, ২০ ছেপ্টেম্বৰঃ কেগৰ প্ৰতিবেদনত ফাদিল হোৱা যোৰহাটৰ উন্নয়নৰ বাবে আৱণ্টিত বিভিন্ন শিতানৰ কেলেংকাৰীৰ মূল অভিযুক্ত সোলাংকী বিশাল বসন্তৰ ওপৰত প্ৰশাসনিক তথা আইনী ব্যৱস্থা গ্ৰহণৰ দাবীত আঠটাকৈ সংগঠনে আহ্বান জনোৱা যোৰহাট জিলা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰে৷ বন্ধৰ প্ৰভাৱত স্তব্ধ হৈ পৰে যোৰহাটবাসীৰ জনজীৱন। যোৰহাটৰ বিভিন্ন দোকান, বজাৰ বন্ধ থকাৰ লগতে ৰাজপথতো জনসমাগম নিচেই কম হয়৷ প্ৰতিবাদকাৰীসকলে ৰাজপথত টায়াৰ জ্বলাই চৰকাৰ তথা প্ৰশাসন বিৰোধী শ্ল’গানে চৌদিশ উত্তাল কৰি তোলে৷ উল্লেখ্য যে, যোৰহাটৰ উন্নয়নৰ বাবে আৱণ্টিত বিভিন্ন শিতানৰ ২০০ কোটি টকা আৰু আনটাইড ফাণ্ডৰ প্ৰায় ৫০ কোটি টকাৰ ব্যাপক কেলেংকাৰীৰ মূল অভিযুক্ত সোলাংকী বিশাল বসন্তৰ ওপৰত প্ৰশাসনিক তথা আইনী ব্যৱস্থা গ্ৰহণৰ দাবীত আটাছু, গণ অধিকাৰ সংগ্ৰাম সমিতি, চুতীয়া যুৱ সন্মিলন, উজনি অসম মুছলিম কল্যাণ পৰিষদ, সদৌ অসম জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাকে ধৰি আঠটা সংগঠনে আজি বাৰ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছিল। জনসাধাৰণে যোৰহাটৰ উন্নয়নৰ কাৰণে আৱন্টিত পুঁজিৰ কেলেংকাৰীৰ বিৰোধীতা কৰি সকলো কাম-কাজ বন্ধ ৰাখি বন্ধৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়ায়।