যোৰাবাট, ১৫ আগষ্টঃ যোৰাবাট আৰক্ষীয়ে আগৰতলাৰ পৰা গুৱাহাটী অভিমুখী এখন নৈশ বাছৰ পৰা বৃহৎ পৰিমানৰ গাঞ্জা জব্দ কৰে। আৰক্ষীয়ে নিয়মীয়া তালাচী অভিযান চলাই থকা সময়তে এএছ-০১এইচচি-৬২৬৯ নম্বৰৰ নৈশ বাছৰ পৰা ২৫ কেজি গাঞ্জা জব্দ কৰে। আৰক্ষীয়ে তালাচী অভিযানৰ সময়ত বিশ্বজিৎ দেৱনাথ আৰু নন্দন দেৱনাথ নামৰ দুজন গাঞ্জা সৰবৰাহকাৰীকো আটক কৰে।