যোৰাবাট, ১৫ এপ্ৰিলঃ আজি গুৱাহাটীৰ যোৰাবাটৰ শঙ্কৰ নগৰত এক বিশাল আকাৰৰ শগুণ উদ্ধাৰ হয়৷ যোৰাবাটৰ এজোপা গছৰ ওপৰত শগুণটো জিৰণি লৈ থাকোতে হঠাতে গছজোপাৰ পৰা সৰি পৰে৷ শগুণটো পৰা দেখি কেইজনমান সচেতন লোক আগবাঢ়ি গৈ শগুণটো উদ্ধাৰ কৰি বন-বিভাগক খবৰ দিয়ে৷ যোৰাবাটত বিট বিষয়া কাৰ্যালয়ৰ লোক ততালিকৈ ঘটনাস্থলীত উপস্থিত হৈ শগুণটো নিজ জিম্মালৈ আনি চিকিৎসাৰ ব্যৱস্থা কৰে৷ স্থানীয় লোকৰ মতে শগুণটো অসুস্থ হৈ থকাৰ ফলতে এনেদৰে গছৰ পৰা সৰি পৰে৷ উল্লেখযোগ্য যে, প্ৰকৃতিৰ জামাদাৰ হিচাপে চিহ্নিত শগুণৰ বিভিন্ন কাৰণত মৃত্যুৰ মুখত পৰাৰ ফলত দিনক দিনে ইয়াৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিছে৷ অসমটো সময়ে সময়ে বিভিন্ন কাৰণত শগুণৰ মৃত্যু হোৱা দেখা যায়৷ কিছুদিন পূৰ্বে লক্ষীমপুৰ জিলাত বিষক্ৰিয়া হৈ ২০ টাকৈ অধিক শগুণ মৃত্যু হোৱাৰ উপৰি বিভিন্ন স্থানত ৰেলৰ খুন্দাতো বহু শগুণৰ মৃত্যু হৈছে৷ এনেদৰে শগুণৰ মৃত্যু হ’লে এসময়ত শগুণৰ অস্তিত্ব পৃথিৱীৰ পৰা নাইকিয়া হোৱাটো নিশ্চিত আৰু ইয়াৰ বিৰূপ প্ৰভাৱ প্ৰকৃতিৰ ওপৰতো পৰিব৷ কাৰণ শগুনে গেলা, পচা আৰু মৃত বস্তু ভক্ষণ কৰি পৃথিৱীখন পৰিস্কাৰ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা লয়৷