লংকা, সংবাদ ৩৬৫, ১৫ এপ্ৰিলঃ  হোজাই জিলাৰ লংকাৰ কাকী আঞ্চলিক বন বিভাগৰ অন্তৰ্গত বালিগাঁও অঞ্চলত শনিবাৰে নিশা জাকৰ পৰা বিচলিত হৈ এটা বনৰীয়া হাতীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰে। বনৰীয়া হাতীৰ সন্ত্ৰাসৰ পৰা ৰক্ষা পাবলৈ অঞ্চলটোৰ ৰাইজে কাকী আঞ্চলিক বন বিভাগক খৱৰ দিয়ে যদিও বন বিভাগৰ লোকে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত ৰাইজে নিজে বনৰীয়া হাতীটো খেদিৱলৈ যায়। হাতী খেদবলৈ যাওঁতে হাতীৰ গচকত কৰুণ মৃত্যুক আকোৱালী লৱ লগা হয় এজন ব্যক্তিয়ে। মৃত ব্যক্তিজনৰ নাম আনন্দ শইকীয়া বুলি জানিব পৰা গৈছে। হাতীৰ গচকত এজন লোকৰ মৃত্যু হোৱাত সমগ্ৰ অঞ্চলবাসী ক্ষোভিত হৈ পৰাৰ লগতে অঞ্চলজুৰি এক শোঁকৰ ছা বিৰাজ কৰিছে।  উল্লেখ যে, বিগত কিছুদিন ধৰো জাকৰ পৰা বিচলিত হৈ পৰাত বনৰীয়া হাতীটোৱে অঞ্চলটোত সন্ত্ৰাস চলাই আহিছে। ৰাইজে বন বিভাগক বনৰীয়া হাটীটোক খেদি পঠিয়াবলৈ বাৰম্বাৰ অনুৰোধ জনাই আহিছে যদিও বন বিভাগৰ লোকে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে। আনহাতে, হাতী মানুহৰ সংঘাতৰ ফলত শনিবাৰে নিশা পলাশবাৰী সমষ্টিত অন্তৰ্গত ৰাজপাৰত বনৰীয়া হাতীৰ গচকত যোগ্য কছাৰী নামৰ আন এজন লোক নিহত হয়।