হোজাই, সংবাদ ৩৬৫, ২০ জুলাইঃ হোজাই জিলাৰ লংকাৰ পূৰণা কাকীত যোৱা ১২ জুলাই তাৰিখে সঞ্জয় কুমাৰ ডুৱেৰ পৰিয়ালে নিশা গভীৰ নিদ্ৰাত থকাৰ সময়ত চোৰ আব্দুল আলীয়ে ঘৰত প্ৰৱেশ কৰি ৪৫ হাজাৰ টকা নগদ ধন সহ চাৰিটাকৈ মৱাইল আৰু ৪(চাৰি)লাখ টকাৰ সোনৰ আ অলংকাৰ চুৰ কৰিছিল। পিছত গৃহস্ত ঘৰৰ পৰিয়ালে কাকী আৰক্ষী চকীত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত কৰি চুৰি মৱাইলৰ এটা মৱাইল ভালুকমাৰীত বিক্ৰী কৰাৰ কথা উমান পাই কৌশলগতভাৱে কাকী আৰু লংকা আৰক্ষীয়ে ভালুকমাৰীৰ পৰা আটক কৰে চোৰ আব্দুল আলীক। উল্লেখ্য যে, চোৰ আব্দুল আলীয়ে ভালুকমাৰীৰ এজন লৰাক চুৰি মৱাইল বিক্ৰী কৰাৰ বাবদ নথি পত্ৰ হিচাপে ৫০ টকাৰ দলিলত লিখিহে মৱাইল বিক্ৰী কৰিছিল । বৰ্তমান লংকা আৰক্ষী থানাৰ আলহী গভাইত চুৰটো। উক্ত চুৰি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে চুৰ আব্দুল আলীক লগত লৈ ৰাখিছে তদন্ত অব্যাহত। জানিব পৰা মতে চোৰ আব্দুল আলীৰ ঘৰ কাকী চলচলিত।