গুৱাহাটী : গুৱাহাটীৰ লখিমী নগৰ মহিলা সমিতিৰ ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হয়। লখিমী নগৰস্থিত অসম শিক্ষা একাডেমী প্ৰাংগণত অনুষ্ঠিত এই অনুষ্ঠানৰ লগত সংগতি ৰাখি “পৰিয়ালত সুস্থ পৰিবেশ গঢ়াত মহিলাসকলৰ ভূমিকা” শীৰ্ষক এখন আলোচনা চক্ৰও অনুষ্ঠিত হয়। আলোচনা চক্ৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট লেখিকা অলকানন্দা দত্ত। কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ অধ্যাপিকা শাশ্বতী বৰুৱাও আলোচনাচক্ৰত অংশ গ্ৰহণ কৰে৷ অনুষ্ঠানৰ আৰম্ভণিতে পতাকা উত্তোলন আৰু স্মৃতি তৰ্পন কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কণকণ শিশুৰ মাজত ভেশচন প্ৰতিযোগিতাৰো আয়োজন কৰা হয়৷ এই প্ৰতিযোগিতাত স্থানপ্ৰাপ্তসকলক আজিৰ অনুষ্ঠানতে বঁটা প্ৰদান কৰা হয়৷