দুধনৈ, সংবাদ ৩৬৫, ১৭ জুনঃ গোৱালপাৰা জিলাত এই পৰ্যন্ত ত্ৰিশ জনৰো অধিক লোকে প্ৰাণ হেৰুৱালে লাডেনৰ আক্ৰমণত। দেওবাৰে পুৱতি নিশা লাডেনৰ আক্ৰমণত জিলাখনৰ দুধনৈৰ সাৰাপাৰা ফুলগুৰিত তিলোত্তমা নাথ নামৰ এগৰাকী মহিলা পুনৰ নিহত হয়। উল্লেখ্য যে গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলত বিগত কিছুদিন ধৰি লাডেন নামৰ বনৰীয়া হাতী এটাই সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰি লাডেনে প্ৰায়ে মানুহৰ ঘৰ লণ্ডভণ্ড কৰাৰ লগতে মানুহক আক্ৰমণ কৰি আহিছে। শনিবাৰে নিশা প্ৰায় দহ মান বজাত লাডেন আন এটা বনৰীয়া হাতীৰ লগত কুশধোৱা অঞ্চলত প্ৰৱেশ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰে৷ বনৰীয়া হাতী দুটাৰ সন্ত্ৰাসৰ পৰা ৰক্ষা পাবলৈ অঞ্চলবাসীয়ে গোটেই নিশা চেষ্টা চলাই অৱশেষত হাতী দুটাক খেদবলৈ সক্ষম হয় যদিও লাডেনে সাৰাপাৰাৰ ফুলগুৰি গাঁৱত প্ৰৱেশ কৰি তিলোত্তমা নাথ নামৰ মহিলা গৰাকীক আক্ৰমণ কৰে। লাডেনৰ আক্ৰমণত মহিলা গৰাকী থিতাতে নিহত হয়। বন বিভাগৰ লোকে লাডেনক অঞ্চলটোৰ পৰা খেদি পঠিয়াবলৈ কেইবাবাৰো চেষ্টা কৰিছে যদিও সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই।