খাৰুপেটিয়া, আবুল হাছেম, সংবাদ ৩৬৫, ২০ জুলাইঃ দৰংৰ খাৰুপেটীয়া নগৰৰ মাজমজিয়াত শুক্ৰবাৰে পুৱা এক বিধবংসী অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত প্রায় ৫০ লক্ষাধিক টকাৰ মুল্যবান সা-সামগ্রী ভস্মীভুত হয় । প্রাপ্ত বাতৰি অনুসৰি খাৰুপেটীয়া নগৰ ১৫ নং ৰাষ্ট্রীয় ঘাই পথৰ কাষত অৱস্থিত লাভলী হোটেলৰ দ্বিতীয় মহলাত এম, এইচ, ইলেক্ট্রনিক্স দোকান গৃহৰ স্বত্বাধিকাৰী ইছমাইল হুছেইনৰ গুদামত শুক্ৰবাৰে পুৱা প্রায় ৭.৪০ বজাত এক বিধবংসী অগ্নিকান্ড হোৱাৰ বাতৰি বিয়পি পৰাৰ লগে লগে স্থানীয় ৰাইজ আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত আৰক্ষী-অগ্নিনিৰ্বাক বাহিনীৰ দল এটাই ঘটনাস্থলীত উপস্থিত হৈ জুই নুমাবলৈ সক্ষম হয় যদিওঁ দোকানগৃহৰ দ্বিতীয় মহলাৰ গুদামত থকা ,এ, চি, ফ্রিজ, এল, এ, ডি, টিভি ৰ লগতে অন্যান্য বিভিন্ন ধৰনৰ সামগ্রীৰ প্রায় ৫০ লক্ষাধিক টকাৰ সামগ্রী সম্পূৰ্ণ ভাৱে ভস্মীভুত হয় । বিদ্যুত শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকান্ডৰ সুত্র পাত হোৱা বুলি ৰাইজে সন্দেহ প্রকাশ কৰিছে ।