শিলচৰ, সংবাদ ৩৬৫, ১৪ ফেব্ৰুৱাৰীঃ  ১৪ ফেব্ৰুৱাৰী ‘ভেলেণ্টাইন ডে’ প্ৰেমৰ দিন। ১৪ ফেব্ৰুৱাৰীৰ দিটোতে প্ৰেমিক প্ৰেমিকাই ইজনে সিজনক ৰঙা গোলাপ দি প্ৰেম নিবেদন কৰে। সমগ্ৰ বিশ্বতে ১৪ ফেব্ৰুৱাৰীৰ দিনটোত যুৱক যুৱতী নিজৰ নিজৰ প্ৰেমক লৈ ব্যস্ত। কিন্তু শিলচৰ চহৰত দেখা গল প্ৰেমৰ এক ব্যতিক্ৰম ‘ভেলেণ্টাইন ডে’। শিলচৰ চহৰৰ ৰাজপথত কেইগৰাকী মান যুৱতীয়ে নিজৰ প্ৰেমিকাক ৰঙা গোলাপ দিয়াৰ পৰিবৰ্তে দেখা গল দুচকীয়া বাহন চালকক ৰঙা গোলাপ দিয়া। হাতত ৰঙা গোলাপ আৰু মিঠাই লৈ শিলচৰ চহৰৰ যুৱতীয়ে পথেৰে গৈ থকা দুচকীয়া বাহন চলক সকলক ৰখাই মিঠাই খাবলৈ দি হাতত তুলি দিলে একোটাকৈ ৰঙা গোলাপ। শিলচৰৰ যুৱতীয়ে দুচকীয়া বাহন চলকসকলক ‘ভেলেণ্টাইন ডে’ৰ দিনা ৰঙা গোলাপ প্ৰদান কৰি নিজৰ জীৱনক প্ৰেম কৰাৰ অনুৰোধ জনালানে। দুচকীয়া বাহন চলাকৰ মাজত হেলমেট পিন্ধাৰ সজাগতা অনাৰ বাবে শিলচৰৰ যুৱতীয়ে এই দৰে পালন কৰি ভেলেণ্টাইন ডে। ইয়াৰে এগৰাকী যুৱতীয়ে জানিবলৈ দিয়ে যে প্ৰতিজন ব্যক্তিক তেওঁৰ ঘৰত তেওঁৰ মাতৃ, পিতৃ, ভগ্নী বা পত্নীয়ে প্ৰেম কৰে। তেওঁলোকে প্ৰেম কৰা ব্যক্তিজন যেতিয়া ঘৰৰ পৰা নিজৰ দুচকীয়া বাহনখন লৈ ওলাই আহে তেতিয়া ঘৰত থাকে ব্যক্তিজন ওলাই অহা ব্যক্তিজন ভালে ভালে ঘৰলৈ উভতি অহাৰ অপেক্ষাত থাকে। এনে অৱস্থাত কোনো দুৰ্ঘটনাত হেলমেট নিপিন্ধাৰ ফলত যাতে কাৰো প্ৰেম হেৰাই নাযায় তাৰ বাবে দুচকীয়া বাহন চলক সকলৰ মাজৰ হেলমেট পিন্ধাৰ সজাগতা অনাৰ উদ্দেশ্য এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ভেলেণ্টাইন ডে’ৰ দিনা শিলচৰ চহৰৰ যুৱতীসকলে গ্ৰহণ কৰা এই পদক্ষেপ শলাগ লব লগীয়া বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।