যোৰাবাট, ১৯ এপ্ৰিলঃ সোনাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ডিগাৰুৰ বাঘমাৰাস্থিত বে-চৰকাৰী সংগঠন ছ’ছাইটি ফ’ৰ হেল্থ এণ্ড এডুকেছন ডেভেলপমেন্ট চমুকৈ ছীডৰ এটি চাৰি বছৰীয়া শিশুক অনুষ্ঠানটোৰ কৰ্তৃপক্ষই মাৰপিট কৰাৰ এক তথ্য পোহৰলৈ আহিছে৷ গুৰুতৰ ভাবে আহত শিশুটোক চিকিৎসাৰ কাৰণে মহানগৰীৰ দিছপুৰ চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয়৷ সোনাপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ধ্ৰুবজ্যোতি হাজৰিকাই ঘটনাৰ সন্দৰ্ভত সোনাপুৰ আৰক্ষী থানাত এক গোচৰ ৰুজো কৰিছে৷ সোনাপুৰ আৰক্ষীয়ে প্ৰাথমিক তদন্ত কাৰণে ছীডৰ ভাৰপ্ৰাপ্ত বিষয়া হিৰণ্য শইকীয়া, পৰিচালক কিষন কুমাৰ মান আৰু হোষ্টেল ৱাডেন শান্তি নিকেতন সিংক সোধ-পোছৰ কাৰণে আটক কৰে৷ উল্লেখ্য যে বে-চৰকাৰী সংগঠন ছ’ছাইটি ফ’ৰ হেল্থ এণ্ড এডুকেছন ডেভেলপমেন্ট চমুকৈ ছীড বিশেষ ভাবে সক্ষম শিশুসকলৰ আবাস গৃহ৷ ইয়াত বৰ্তমান ৫০ টাকৈও অধিক শিশু আছে আৰু শিশুসকলক প্ৰশিক্ষিত শিক্ষক-শিক্ষয়ত্ৰীৰ তত্বাৱধানত ৰখা হয়৷ গুৰুতৰ ভাবে আহত শিশুটোক অৰুণাচল প্ৰদেশৰ এটা পৰিয়ালে আশ্ৰয় গৃহলৈ আনিছিল৷ পৰিয়াল বৰ্গই অভিযোগ কৰা মতে আশ্ৰয়গৃহৰ কৰ্ত্তৃপক্ষই শিশুটোৰ ওপৰত শাৰিৰীক অত্যাচাৰ চলোৱাৰ ফলত শিশুটি আহত হৈ চিকিৎসালয়ত চিকিৎসাধীন হ’বলগীয়া হয়৷ ইফালে ছীডৰ কৰ্ত্তৃপক্ষই পৰিয়ালবৰ্গৰ অভিযোগ নাকচ কৰি জানিবলৈ দিয়ে যে আশ্ৰয় গৃহত শিশুসকলৰ মাজত হোৱা মাৰপিটৰ পৰিণতিতহে শিশুটি আহত হয়৷