গুৱাহাটী, সংবাদ ৩৬৫, ৫ এপ্ৰিলঃ শুক্ৰবাৰে ছবি গৃহলৈ আহিব ৬৪তম ৰাষ্ট্ৰীয় ৰজত কমল বটা প্ৰাপ্ত কথাছবি আলিফা। ইতিমধ্যে যোৱা ৩০ মাৰ্চত পশ্চিম বংগত মুক্তি লাভ কৰা ছবিখনে শুক্ৰবাৰে অসমৰ ছবিঘৰলৈ আহিব। অসমৰ চৰ চাপৰি তথা গৰাখহনীয়াগ্ৰস্ত পৰিয়ালৰ কাহিনীৰ আধাৰত নিৰ্মিত দ্বীপ চৌধুৰী পৰিচালনা, আৰমান আলীৰ প্ৰযোজিত ছবিখনত বৰপেটাৰ সন্তান পাকিজা হাছমীয়ে আলিফাৰ মুখ্যচৰিত্ৰত অভিনয় কৰাৰ লগতে ছবিখনত অভিনয় কৰিছে প্ৰখ্যাত নাট্যকাৰ তথা অভিনেতা বাহাৰুল ইছলাম, পশ্চিম বংগৰ আগশাৰীৰ অভিনেত্ৰী জয়াশীল ঘোষ, জ্যেষ্ঠ অভিনেতা ভিক্টৰ বেনাৰ্জী, প্রাচুন গয়েন, বলিউডৰ বিভিন্ন ছবিত অভিনয় কৰা সত্য ৰঞ্জন, মাহমুদা বেগম আৰু বৰপেটাৰ আন এক সন্তান নাট্যকাৰ লিয়াকত আলী। ছবিখনৰ প্ৰিমীয়াৰ উপভোগ কৰি এই সম্পৰ্কে বিশিষ্ট বুদ্ধিজীৱি ড° হীৰেণ গোহাঁয়ে মন্তব্য প্ৰকাশ কৰিছিল যে বহু দিনৰ মূৰত এখন ভাল ছবি উপভোগ কৰা বুলি, অসমীয়া দৰ্শকেও তথাকথিত শ্ৰমজীৱী মিঞা জীৱনৰ লগত একাত্মহৈ উপলব্ধি কৰিব তেওঁলোকৰ অন্তৰৰ মানৱীয় সত্তা। ছবিখনত প্ৰতিজন অভিনেতাৰ অভিনয় অনবদ্য। বিশেষ কৈ বাহাৰুল ইছলাম, জয়া শীল আৰু পাকিজাৰ অভিনয় অসামান্য। ছবিখনৰ সম্পৰ্কে বৰপেটাৰ যুৱ লেখক তথা সমালোচক আশ্ৰাফুল হুছেইনে কয় যে অাহাৰ, নিদ্ৰা, মৈথুন মানুহৰ জৈৱিক প্ৰয়োজন। তাৰ বাবে সংগ্ৰাম কৰিবলগীয়া মানুহৰ দেশ কি বিদেশ কি? ‘আলিফা’ তাৰেই প্ৰতিফলন। আলিফাত গৰাখহনীয়াত মাটি ভেটি হেৰুৱাই পেটে ভাতে জীয়াই থকাৰ তাড়নাত গুৱাহাটীলৈ কাম বিচাৰি অহা চৰম দৰিদ্ৰতাৰ সতে আৰম্ভ হয় কঠোৰ জীৱন যুজঁত ব্ৰতী এটি পৰিয়াল আৰু সামগ্ৰিক ভাবে এটি সমাজৰ কাহিনী প্ৰতিফলিত হৈছে। বঞ্চিত মানুহৰ জীৱনৰ মূৰ্ত প্ৰকাশ আৰু সুস্থ মানৱীয় প্ৰমূল্যৰ এক জীৱন্ত ৰূপ বুলিও হুছেইনে প্ৰকাশ কৰে।