গুৱাহাটী, সংবাদ ৩৬৫, ২৫ মেঃ হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০১৮ৰ ফলাফল শুক্ৰবাৰে ঘোষণা কৰা হয়। এইবাৰ অসমৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান লাভ কৰিছে শোণিতপুৰ জিলাৰ মুনলাইট হাইস্কুলৰ ছাত্ৰ ৰক্তিম ভূঞাই। ৰোক্তিমে সৰ্বমুঠ ৫৯৩ নম্বৰ লাভ কৰি শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে। ৰোক্তিমে শতকৰা ৯৮.৮৩ শতাংশ নম্বৰ লাভ কৰিছে। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠতে ৩৩৭৫৭০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ণ হৈছিল আৰু ইয়াৰ ১৬৪৪৯২ গৰাকী ছাত্ৰ আৰু ১৭৩০৭৮ গৰাকী ছাত্ৰী। মুঠ পৰীক্ষাৰ্থীৰ ভিতৰত ৬০৯৮৭ গৰাকীয়ে প্ৰথম বিভাগত, ৮১৮৫৩ গৰাকীয়ে দ্বিতীয় বিভাগত আৰু ৪৬৩৫১ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দহটা স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰী সকল

প্ৰথম: ৰক্তিম ভূঞা, মুনলাইট হাই স্কুল, শোণিতপুৰ

দ্বিতীয়: অবিনাশ কলিতা, আনন্দৰাম বৰুৱা একাডেমী হাইস্কুল, বৰপেটা

প্ৰীতপল বেজবৰুৱা, টিহু হাইস্কুল, নলবাৰী

তৃতীয়: চুলতানা এইচাহ চিদ্দিকা, চেন্ট টেৰেছা ইংলিছ হাই স্কুল, বৰপেটা

জিন্টী দেৱী, চেইন্ট জনচ’ হাইস্কুল, বাগছা

আৰ্বি চলিহা, সূদৰ্শন পাব্লিক হাইস্কুল, কামৰূপ (ন)

চতুৰ্থ: সীমা কুইন কাশ্যপ, পায়নিয়াৰ একাডেমী, পুঠিমাৰী, কামৰূপ

ঋত্বিক শ্যাম শইকীয়া, চেইন্ট মেৰী হাই স্কুল, উত্তৰ লখিমপুৰ

ৰাজশ্ৰী নন্দিনী কাকতী, খ্ৰীষ্টজ্যোতি হাইস্কুল, নগাওঁ

দেৱাশীস ভৰদ্বাজ, চামতা হাইস্কুল, নলবাৰী

ব্ৰজেনজিৎ হাজৰিকা, অম্বিকাগিৰী ৰায়চৌধুৰী জাতীয় বিদ্যালয়, শোণিতপুৰ

পঞ্চম: নিবিৰ ডেকা, আনন্দৰাম বৰুৱা হাইস্কুল, বৰপেটা

বিদৰ্শন দত্ত, চেইন্ট মেৰী হাইস্কুল, উত্তৰ লখিমপুৰ

ৰাজা স্নেহাশিষ গুপ্তা দত্ত, বালিকুৰীয়া বাপুজী বিদ্যাপীঠ, নলবাৰী

ষষ্ঠ: ভাস্বতী কলিতা, চেইন্ট এলবাৰ্ট হাইস্কুল, বঙাইগাঁও

অনুস্কা বৰদলৈ, জোনাকী সংঘ হাইস্কুল, যোৰহাট

কল্পজ্যোতি গগৈ, পানীন্দ্ৰ বিদ্যাপীঠ, উত্তৰ লখিমপুৰ

ধৃতিস্মান ভূঞা, ৰামস্বৰূপ ইংলিছ হাইস্কুল, ওদালগুৰী

সপ্তম: গৰীয়সী দেৱী, শংকৰদেৱ শিশু নিকেতন, বঙাইগাঁও

নিতিশা শিৱম, চেইন্ট জনচ’ হাইস্কুল, বাগছা

শিৱানুজ বৰকটকী, এ এইচ ডি হাই স্কুল, শিৱসাগৰ

পল ভূঞা, তেজপুৰ চৰকাৰী হাইস্কুল, শোণিতপুৰ

অষ্টম: অনিন্দিতা কাকতী, ৰেইনব’ ইংলিছ হাইস্কুল, বাগছা

আশীষ সন্দিকৈ, বি ভি এফ চি মডেল হাইস্কুল, ডিব্ৰুগড়

অংগনা হাজৰিকা, ডনবক্স হাইস্কুল, যোৰহাট

অংকুৰজ্যোতি ঠাকুৰীয়া, শংকৰদেৱ শিশু নিকেতন, কামৰূপ (গ্ৰা)

গুঞ্জানন বৰুৱা, দপানী হাইস্কুল, শিৱসাগৰ

বিপাঞ্চ ডেকা, সূদৰ্শন পাব্লিক হাইস্কুল, কামৰূপ (ন)

নৱম: শ্যামলিমা পাঠক, চেন্ট টেৰেছা হাইস্কুল, বৰপেটা

বি জেনিথ কাশ্যপ, সূদৰ্শন পাব্লিক হাইস্কুল, কামৰূপ (ন)

শেৰমন কাইজাৰ, চেন্ট মেৰী হাইস্কুল, কামৰূপ (ন)

দশম:  চায়দা ইনায়া টাবাচুম, বি ভি এফ চি  হাইস্কুল, ডিব্ৰুগড়

শ্ৰেয়াছ ভট্টাচাৰ্যী, ছল্ট ব্ৰুক হাইস্কুল

স্বপ্ননীল ভট্টাচাৰ্যী, বেবীলেণ্ড হংলিছ হাইস্কুল, কৰিমগঞ্জ

নায়ীমা ফিৰদৌজ বৰভূঞা, নিবাগাম জাতীয় বিদ্যালয়, নগাওঁ

ভাৰ্গৱজ্যোতি দাস, প্ৰাঞ্জল মেম’ৰিয়েল একাডেমী, ৰহা

সৃষ্টিপ্ৰিয়ম নাথ, চেন্ট জোচেফ হাইস্কুল, গহপুৰ